তেজপুৰ, ২৩ আগষ্ট : অৰুণাচল প্ৰদেশৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । ৰাজ্যখনৰ বিভিন্ন দুৰ্নীতিত মুখ্যমন্ত্ৰীগৰাকী জড়িত থকাৰ অভিযোগ তুলি ইতিমধ্যে Arunachal Against Corruption (AAC) নামৰ সংগঠনটোৱে দিল্লী যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে (AAC Delhi Chalo)। জুলাই মাহত ইটানগৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল । তাৰ পাছত সংগঠনটোৱে ২১ আগষ্টত চৰকাৰৰ বিৰুদ্ধে দিল্লী অভিমুখে প্ৰতিবাদী সমদল আৰম্ভ কৰিছে ।
অৰুণাচলৰ পৰা আৰম্ভ কৰা মুঠ ১৬ জনীয়া প্ৰতিবাদকাৰীৰ দলটো মঙলবাৰে বিশ্বনাথ জিলাৰ গহপুৰৰ টকোবাৰীত উপস্থিত হয় (AAC foot march reaches Gohpur)। সংগঠনটোৱে অভিযোগ কৰা মতে ৰাজ্যখনৰ বহুকেইটা বিভাগত কেইবাশ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে । দুৰ্নীতিৰ বিৰুদ্ধে সংগঠনটোৱে যোৱা জুলাই মাহৰ ২৩ৰ পৰা ২৯ তাৰিখলৈ ইটানগৰৰ ইন্দিৰা গান্ধী পাৰ্কত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ।
সংগঠনটোৱে সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ আৰু চিবিআই তদন্তৰ দাবী উত্থাপন কৰিছে ।
AACৰ সভাপতি তাৰহ তাহাৰৰ নেতৃত্বত দিল্লীলৈ যাত্ৰা কৰা এই দলটোৱে সংবাদ মাধ্যমক জনোৱা মতে সম্পূৰ্ণ গ্ৰামীণ ৰোজগাৰ যোজনাৰ (SGRY) অধীনত ৰাজ্যত ৬৪ কোটি টকাৰ কেলেংকাৰী, দীন দয়াল উপাধ্যায় গ্ৰামীণ জ্যোতি যোজনাৰ (DDUGJY)ৰ অধীনত মুঠ ১৪২ কোটি টকাৰ কেলেংকাৰী, পঞ্চায়তৰাজৰ অধীনত ৮৮৯ কোটি টকাৰ কেলেংকাৰী আৰু খনিজ আৰু মিনাৰেলৰ ৰাজ্যিক কৰ সংগ্ৰহৰ নামত ৩২ কোটিৰ কেলেংকাৰী সংঘটিত হৈছে । ইয়াৰ উপৰিও আন কেইবাটাও বিষয়ত কেইবা শ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ কৰিছে সংগঠনটোৱে ।
সভাপতি তাৰহয়ে কয় যে এই সমগ্ৰ কেলেংকাৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত সংঘটিত হৈছে (Protest against CM Pema Khandu)। সেয়ে তেওঁক অতি সোনকালে মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি দিব লাগে বুলি দাবী জনায় । আনহাতে কেলেংকাৰীত জড়িত বিষয়াসকলক আৰু ৰাজনৈতিক দলৰ নেতাসকলকো গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে সংগঠনটোৱে । তেওঁলোকৰ সকলো দাবী কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে সংগঠনটোৱে দিল্লী চলো কাৰ্যসূচী হাতত লৈছে বুলিও সংগঠনৰ নেতাসকলে উল্লেখ কৰে ।