ETV Bharat / state

কুকুৰে মুখত লৈ আহিলে নৱজাতকৰ দেহৰ আধা অংশ; কোনে হত্যা কৰি পুতিছিল গাঁতত ? - SENSATIONAL INCIDENT IN JORHAT

কুকুৰে মুখত কঢ়িয়াই অনা শিশুৰ দেহক লৈ চাঞ্চল্য ৷ গাঁতত পুতি থোৱা হৈছিল শিশুটি ৷ সম্পূৰ্ণ ঘটনা জানিলে হ’ব আচৰিত...

Sensational incident in Jorhat
কুকুৰে মুখত লৈ আহিলে নৱজাতকৰ দেহৰ আধা অংশ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2024, 5:42 PM IST

যোৰহাট: এটা কুকুৰা, এটুকুৰা মাংসপিণ্ড আৰু এক লোমহৰ্ষক কাহিনী ৷ দেওবাৰে ৰাতিপুৱাৰ কথা, যোৰহাট চিনামৰা আৰক্ষী চকীৰ অন্তৰ্গত বাঘধৰাত হঠাৎ লাগিল হৈ চৈ ৷ পুৱাৰ আহাৰ মুঠি খাই চুবুৰীটোৰ মানুহে যাৱতীয় কাম-কাজত লাগি আছে ৷ কোনো কোনোৱে বাহিৰতে বহি পিঠি ৰ’দাইছে, এই কেইদিন পুৱা-গধুলি অলপ ঠাণ্ডাও পৰিছে নহয় ৷ দেওবাৰ যেতিয়া বাগানৰ কামো আজি বন্ধ ৷ পুৱা ঠিক 10/10.30 বাজিছে, হঠাৎ এটা কুকুৰে মুখত এটুকুৰা মাংসপিণ্ড লৈ বাগানৰ লাইনৰ মাজেৰে গৈ আছিল ৷ এগৰাকী বৃদ্ধাই দেখি প্ৰথমে মুৰ্গী বুলি ভাবিলে ৷ ভালদৰে লক্ষ্য কৰাত তেওঁ হতবাক হৈ পৰিল ৷

কুকুৰটো মুখত সেইটো মুৰ্গী নহয়, এটি নৱজাতকৰ দেহৰ এচোৱাহে ৷ আচৰিত হৈ পৰিল সেই ঠাইত গোটখোৱা লোকসকল ৷ বাগিচাৰ মহৰীও আহিল, খবৰ দিলে চিনামৰা আৰক্ষীক ৷ আৰক্ষী অহাৰ পিচত ঘটনা অধিক গুৰুতৰ হৈ পৰিল ৷

কুকুৰে মুখত লৈ আহিলে নৱজাতকৰ দেহৰ আধা অংশ (ETV Bharat)

মাটি পুতি থোৱা অৱস্থাৰ পৰা কুকুৰে শিশুটিৰ মৃতদেহটো উলিয়াই ভক্ষণ কৰিছিল ৷ এজন লোকৰ ঘৰৰ পিচফালে আৰক্ষীয়ে এটা গাঁতত প্ৰত্যক্ষ কৰিলে তেজৰ কৰাল ৷ সেই গাঁতটোৰ পৰাই কুকুৰে মৃতদেহটো উলিয়াই নিয়া বুলি আৰক্ষী আৰু স্থানীয় লোক নিশ্চিত হয় ৷ শিশুটিৰ পিতৃ-মাতৃৰ পৰিচয়ো উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ ককালৰ অংশতে দুছোৱাকৈ কটা হৈছিল শিশুটিক ৷ খোদ মাতৃৰ বিৰুদ্ধে উঠিছে হত্যাৰ অভিযোগ ৷

লগতে পঢ়ক: মধুস্মিতাৰ মৃত্যুক লৈ কি ভাবে পৰিয়ালে ?

স্থানীয় এগৰাকী মহিলাই কয়, ‘‘মই বাহিৰত বহি আছিলোঁ ৷ তেনেতে দেখিলোঁ এটা কুকুৰে মুখত কিবা এটা লৈ আহিছে ৷ মই ভাবিছিলোঁ কুকুৰা আনিছে নেকি ৷ কাৰ ঘৰৰনো কুকুৰা বুলি চাওঁতেই দেখিলোঁ কুকুৰা নহয় এইটো কেঁচুৱাহে ৷ লগে লগে মই প্ৰদীপক ফোন কৰিলোঁ বেলেগৰ হতুৱাই ৷ ক’লো যে কুকুৰ এটাই মানুহৰ পোৱালী এটা কামুৰি লৈ আহিছে ৷ পুলিচক খবৰ দে ৷’’

‘‘পুলিচ আহিল আমি কেঁচুৱাটো দেখুৱাই দিলোঁ ৷ কেঁচুৱাটো মাকে হত্যা কৰি পুতি থৈছিল বুলি আমাৰ সন্দেহ হৈছে ৷ মহিলাগৰাকীয়ে আমাৰ লগত বৰ বেছি মিলা-মিচা নকৰে ৷ গিৰিয়েক বেংগালুৰুত থাকে ৷ চেপনৰ পৰা আন এজনী ছোৱালী বিয়া পাতি বেংগালুৰুলৈ লৈ গ’ল আৰু তাতে থাকে ৷ কিন্তু দেওৰেক আহি থাকে ৷ মহিলাগৰাকীৰ দুটা সন্তান আছে ৷ এইটো তিনি নম্বৰৰ আছিল ৷ দেওৰেকৰ সৈতেই সম্পৰ্ক কৰি এইটো সন্তান জন্ম দিছে ৷ সেয়ে এনেকৈ মাৰি পেলালে ৷’’ স্থানীয় মহিলাগৰাকীয়ে লগতে কয় ৷

তেওঁ ক্ষোভ প্ৰকাশ কৰি পুনৰ কয়, ‘‘এনেকুৱা মাক জীয়াই থকাৰ কোনো দৰকাৰ নাই ৷ আমি ব্যৱস্থা লৈ তাইৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব পাৰিলোঁ হেঁতেন ৷ কিন্তু নকৰিলোঁ ৷ এই আৰক্ষীয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰক ৷’’

লগতে পঢ়ক: আত্মহত্যা নে হত্যাৰ বলি হ'ল মধুস্মিতা বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.