ETV Bharat / state

জুৱেল ওৰামৰ মন্তব্যত ক্ষোভত জ্বলিছে মৰাণ সংগঠন, প্ৰতিবাদৰ মাজতে জ্বলিল - MORANOAGANIZATIONS PROTEST

ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ পুনৰ উত্তাল তিনিচুকীয়া । প্ৰতিবাদকাৰীয়ে কৰিলে পথ অৱৰোধ ।

Moran Oaganizations Protest for ST
জনজাতিকৰণ মন্ত্ৰী জুয়েল ওৰামৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2024, 5:43 PM IST

তিনিচুকীয়া: কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যই উত্তাল কৰিছে তিনিচুকীয়া জিলা । জিলাখনৰ প্ৰতিটো প্ৰান্তত জ্বলিছে পুত্তলিকা, হৈছে পথ অৱৰোধ ৷ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ গ’লে যদি আৰক্ষী-প্ৰশাসনে বাধা দিয়ে তেন্তে হাজাৰ হাজাৰ যুৱকে সশস্ত্ৰ সংগ্ৰাম কৰিবলৈ সাজু বুলি সকীয়নি প্ৰতিবাদকাৰীৰ । জনজাতিকৰণকলৈ ধাৰাবাহিক আন্দোলন ঘোষণা সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ৷

একাংশ প্ৰতিবাদকাৰীয়ে চৰকাৰক সকীয়াই কয়,“গণতান্ত্ৰিক আন্দোলন কৰিবলৈ গ’লে যদি আৰক্ষী-প্ৰশাসনে বাধা দিয়ে তেন্তে হাজাৰ হাজাৰ মৰাণ, মটক জনগোষ্ঠীৰ যুৱকে সশস্ত্ৰ সংগ্ৰাম কৰিবলৈ, বন্দুকধাৰী হ’বগৈ সেয়া বিজেপি চৰকাৰে, অসম চৰকাৰে জানি থওক ।”

জনজাতিকৰণ মন্ত্ৰী জুয়েল ওৰামৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

দেওবাৰে জনজাতিকৰণৰ দাবীত উত্তাল হৈ পৰে তিনিচুকীয়া জিলাৰ পেঙেৰী । কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যই জ্বলাইছে তিনিচুকীয়া। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত কৰা মন্তব্যৰ পাছতে শনিবাৰৰ পৰা তিনিচুকীয়াৰ ৰাজপথত জ্বলিছে পুত্তলিকা । প্ৰতিবাদকাৰীয়ে কৰিলে পথ অৱৰোধ ।

শনিবাৰে তিনিচুকীয়া চহৰত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে যৌথভাৱে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত দেওবাৰে জিলাখনৰ চৌদিশে আৰম্ভ কৰা হৈছে প্ৰতিবাদ ৷ জিলাখনৰ পানীতোলাৰ ৰাজপথত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে, তিনিচুকীয়াৰ বাইপাছ, মাকুমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, ডুমডুমাৰ ৰাজপথ, কাকপথাৰৰ ৰাজপথত প্ৰতিবাদ জনায় ।

আৰক্ষীৰে প্ৰতিবাদকাৰীৰ হতাহতি

ইপিনে, মৰাণ ছাত্ৰ সন্থাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । প্ৰতিবাদৰ সময়ত আৰক্ষীৰ স’তে তীব্ৰ বাকবিতণ্ডাৰ লগতে ঠায়ে ঠায়ে হতাহতিৰো সৃষ্টি হয় । সমান্তৰালভাৱে জিলাখনৰ পেঙেৰীতো পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা-পেঙেৰী আঞ্চলিক সমিতি আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ বুঢ়ীদিহিং আঞ্চলিক সমিতিয়ে । দুয়োটা সংগঠনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে ।

প্ৰতিবাদকাৰীক আৰক্ষী-প্ৰশাসনে বাধা নিদিবলৈ সকীয়নি

আজি জিলাখনৰ প্ৰতিটো প্ৰান্ততেই মৰাণ ছাত্ৰ সন্থা আৰু মটক যুৱ-ছাত্ৰ সন্মিলনে পুত্তলিকা দাহ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ । প্ৰতিবাদৰ সময়ত মৰাণ, মটক জনগোষ্ঠীক অতি সোনকালে জনজাতি স্বীকৃতি প্ৰদান কৰিবলৈ দাবী জনায় । লগতে গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ গ’লে আৰক্ষী-প্ৰশাসনে বাধা দিলে হাজাৰ হাজাৰ মৰাণ, মটক যুৱকে সশস্ত্ৰ সংগ্ৰাম কৰিবলৈ, বন্দুকধাৰী হ’ব গৈ সেয়া ৰাজ্য চৰকাৰে জনাটো প্ৰয়োজন বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদী সংগঠনৰ নেতা-কৰ্মীসকলে ৷

লগতে পঢ়ক:জুৱেল ওৰামে জুই জ্বলালে তিনিচুকীয়াত: আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

১১ নৱেম্বৰত ১২ ঘণ্টীয়া তিনিচুকীয়া-ডিব্ৰুগড় বন্ধ ঘোষণা মৰাণ সংগঠনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.