ETV Bharat / state

বিহালীৰ প্ৰণৱৰ হাতৰ পৰশত ৰঙালাওত প্ৰাণ পাই উঠিল জুবিন গাৰ্গ - বিহালীৰ এজন যুৱকৰ চমকপ্ৰদ প্ৰতিভা

বিহালীৰ এজন শিল্পীৰ হাতৰ পৰশত ৰঙালাওত প্ৰাণ পায় উঠিল হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ছৱি (Zubeen Garg art in a pumpkin)৷ ইতিমধ্যে বহু মহান মনিষীৰ অবিকল চিত্ৰ, প্ৰকৃতিৰ ছৱিৰ লগতে গছৰ পাততো চিত্ৰ অংকন কৰি সকলোৰে সমাদৰ লাভ কৰিছে প্ৰণৱে ৷

a-young-man-from-bihali-painted-a-picture-of-zubin-garg-in-a-pumpkin
বিহালীৰ এজন যুৱকৰ হাতৰ পৰশত ৰঙালাওত প্ৰাণ পাই উঠিল জুবিন গাৰ্গ
author img

By

Published : Jun 17, 2022, 6:35 PM IST

বিহালী , 17 জুন : বিহালীৰ এজন যুৱকৰ চমকপ্ৰদ প্ৰতিভা ৷ মাটি অথবা বহীত নহয়, এইবাৰ পাচলিত চিত্ৰ অংকন কৰি চৰ্চালৈ আহিছে এজন অখ্যাত শিল্পী ৷ শিল্পীগৰাকীৰ হাতৰ পৰশত ৰঙালাওত প্ৰাণ পায় উঠিল হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ছবি (Zubeen Garg art in a pumpkin)৷ প্ৰিয় শিল্পী জুবিন গাৰ্গক হুবহু অংকন কৰি ইতিমধ্যেই ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে প্ৰণৱ দাস নামৰ এই যুৱকজনে ৷

বিহালীৰ এজন যুৱকৰ হাতৰ পৰশত ৰঙালাওত প্ৰাণ পাই উঠিল জুবিন গাৰ্গ

ইয়াৰ উপৰিও বৃক্ষতো গছৰ ছবি অংকণ কৰি পৰিৱেশ সংৰক্ষণৰ চানেকি দাঙি ধৰিছে এইজন প্ৰতিভাবান শিল্পীয়ে ৷ বিহালী টেলেঙনীয়া গাঁৱৰ কৃষক ভক্ত দাস আৰু মহিলা দাসৰ একমাত্ৰ পুত্ৰ প্ৰণৱ দাস ৷ তৃতীয় শ্ৰেণীত অধ্যয়ণ কৰি থকাৰে পৰাই নিৰৱচ্ছিন্নভাৱে শিল্প চৰ্চা কৰি আছে প্ৰণৱে ৷ ইতিমধ্যে বহু মহান মনিষীৰ অবিকল চিত্ৰ, প্ৰকৃতিৰ ছবিৰ লগতে গছৰ পাততো চিত্ৰ অংকন কৰি সকলোৰে সমাদৰ লাভ কৰিছে ৷

প্ৰণৱে এটা ব্যক্তিগত চাহ ফেক্টৰীত কৰ্মৰত হৈও আজৰি সময় পালেই নিৰন্তৰে শিল্প সাধনা কৰি গৈছে ৷ শেহতীয়াকৈ পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এজোপা কঁঠাল গছত এজোপা গছৰ ছবি অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে প্ৰণৱে ৷

লগতে পঢ়ক : অসমৰ প্ৰখ্যাত চিত্ৰ তথা ভাস্কৰ্য শিল্পী বেনু মিশ্ৰৰ সোঁৱৰণত বক্তৃতা অনুষ্ঠান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.