ETV Bharat / state

1962 চনৰ ভাৰত চীনা যুদ্ধৰ এক অৱলোকন...

1962 চনৰ ভাৰত-চীনৰ যুদ্ধৰ এগৰাকী শ্বহীদৰ কাহিনী ৷ সাহসিকতাৰে যুঁজা সৈনিক গৰাকীয়ে আত্মসমৰ্পণ কৰা নাছিল চীনা সৈন্যৰ আগত ৷ সেই সাহসী বীৰৰ কাহিনী প্ৰকাশ পাইছে আমাৰ এই প্ৰতিবেদনত ৷

indian army
1962 চনৰ ভাৰত চীনা যুদ্ধৰ এক অৱলোকন...
author img

By

Published : Jun 23, 2020, 7:45 PM IST

Updated : Jun 23, 2020, 8:53 PM IST

তেজপুৰ,23 জুন: 1962 চনৰ শুকুলা বৰফৰ দলিচাৰ মাজৰ এক ইতিহাস প্ৰসিদ্ধ কাহিনী ৷ পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা ৩৫ কিলোমিটাৰ নিলগৰ নুৰানং চেক্টৰৰ যুদ্ধৰ এক শিহৰণকাৰী কাহিনী ৷ টাৱাঙক উত্তৰ-পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড বুলি ক’লেও ভুল কৰা নহ’ব । চৌদিশে শুভ্ৰ বৰফৰ মাজত অৱস্থিত টাৱাং চহৰ আৰু সেইবাবে হয়তো চীনে পাহৰিব নোৱাৰে অসমৰ চুবুৰীয়া অৰুণাচল প্ৰদেশক ৷

indian army
যশোৱন্ত সিং ৰাৱাট

এয়া 1962 চনৰ চীন-ভাৰতৰ যুদ্ধৰ সময়ৰ এগৰাকী যোদ্ধাৰ কাহিনী । ভাৰতীয় সেনাৰ এক অন্যতম সেনানী গাৰুৱাল ৰাইফলছৰ সৈনিক যাৰ শিৰচ্ছেদ কৰি লৈ গৈছিল চীনা সৈন্যই ৷ এইগৰাকী বীৰ শ্বহীদৰ বিষয়ে প্ৰকাশ পাইছে এই প্ৰতিবেদনত ৷ একেৰাহে 72 ঘণ্টা চীনা সৈন্যৰ লগত অকলে যুঁজি তিনিদিন আৱদ্ধ কৰি ৰাখিছিল টাৱাঙৰ পৰা 1000 ফুট উচ্চতাত চেলাপাছৰ পৰা 21 কিল’মিটাৰ নিলগৰ নুৰানঙত ৷ এই যোদ্ধাগৰাকীৰ নাম হৈছে যশোৱন্ত সিং ৰাৱাট ৷ 1941 চনৰ 19 আগষ্টত হাৰিয়ানাত জন্মগ্ৰহণ কৰা ৰাৱাটে অৰুণাচল প্ৰদেশৰ নুৰানং চেক্টৰত 1962 চনৰ যুদ্ধত চীনা সৈন্যৰে মুখামুখি সমৰত নামিছিল ৷

A story of indian army yashbanta singh rawat tezpur assam etv bharat news
বৰফাবৃত অৰুণাচলৰ পথ

1962 চনৰ 8 চেপ্তেম্বৰত চীনা সৈন্যই যেতিয়া নামকা-চু অঞ্চলত ভাৰত-তিব্বতৰ সীমান্ত পথেদি ভাৰতীয় সৈন্যৰ অসম ৰাইফলছৰ কোম্পানীৰ ওপৰত আক্ৰমণ কৰি অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে ৷ পৰৱৰ্তী সময়ত চীনা সৈন্যই ক্ৰমান্বয়ে প্ৰৱেশ কৰে টাৱাঙত ৷ ইয়াৰ পিছত 17 নৱেম্বৰত টাৱাং অতিক্ৰমি নুৰানং চেক্টৰত প্ৰৱেশ কৰি থমকি ৰবলগীয়া হৈছিল চতুর্থ গাড়োৱাল ৰাইফলছৰ এই পৰাক্ৰমী যোদ্ধাৰ সন্মুখত ৷ সেনাৰ উচ্চতম কৰ্তৃপক্ষই যশোৱন্ত সিঙক শিবিৰ এৰি পিছুৱাই আহিবলৈ আহ্বান জনাই যদিও সেয়া নামানি সতীৰ্থ দুই জোৱানৰ লগত যুদ্ধ কৰে বীৰগৰাকীয়ে ৷ সতীৰ্থ গোপাল গোঁসাই আৰু লেন্স নায়ক তিলক অৱশেষত শ্বহীদ হয় শত্ৰুৰ আক্ৰমণত ৷

যশৱন্ত গড়

ইয়াৰ পিছত যশোৱন্ত সিং ৰাৱাটে পাঁচটা বিশেষ ঠাইত মেচিনগান স্থাপন কৰি শত্ৰুৰ ওপৰত আক্ৰমণ কৰে ৷ সাহসী সৈন্যগৰাকীয়ে প্ৰতিখন ঠাইৰ পৰা অকলে তদাৰক কৰে এই যুদ্ধ ৷ চীনা সৈন্যই নুৰানং চেক্টৰত বহুতো ভাৰতীয় সৈন্যবাহিনীৰ জোৱান থকা বুলি জানিব পাৰিছিল আৰু সেইবাবে প্ৰায় তিনিদিন আগুৱাই অহাৰ পৰা বিৰত আছিল ৷ ইতিমধ্যে যশোৱন্তৰ খবৰ খাদ্য যোগান ধৰা লোকজনৰ পৰা লাভ কৰি চীনা সৈন্যই চাৰিওফালে ঘেৰি ধৰে ৷ অৱশেষত শত্ৰুৰ হাতত মৃত্যুৰ সম্ভাৱনা প্ৰকট হৈ পৰাত সৈনিক যশোৱন্ত সিং ৰাৱাটে নিজে গুলি কৰি সাৱটি লয় মৃত্যুক ৷

যশৱন্ত গড়ৰ প্ৰৱেশদ্বাৰ

পৰৱৰ্তী সময়ত চীনা সৈন্যৰ কমাণ্ডাৰে এই বীৰ যোদ্ধাৰ মুখ চাবলৈ বিচৰাত যশোৱন্তৰ মুৰটো কাটি লৈ যোৱা চীনা সৈন্যই পিছত ইয়াক ওভোটাই দিয়ে ৷ ভাৰতীয় সৈন্যই আজিও সীমান্তত এইগৰাকী বীৰ যোদ্ধাই পহৰা দিয়া বুলি বিশ্বাস কৰে । শ্বহীদ গৰাকীক মৰণোত্তৰভাৱে মহাবীৰ চক্ৰৰে সন্মানিত কৰে ভাৰত চৰকাৰে ৷ নুৰানঙত আজিও যশোৱন্ত বাবাৰ এটা স্মৃতিসৌধ আছে আৰু তাত সৈনিকজনে ব্যৱহাৰ কৰা জোতা,বিচনা,খাদ্য গ্ৰহণ কৰা পাত্ৰ সকলো সযতনে ৰখা হৈছে । চেলাপাছৰ পৰা টাৱাঙলৈ প্ৰৱেশ কৰোতে প্রত্যেক সেনাৰ কনভয়, বিষয়াই এবাৰ দৰ্শন কৰি যায় এই স্থান । আজিও দৈনিক ধূপ জ্বলাই পুৱা-গধূলি স্মৰণ কৰা হয় শ্বহীদ গৰাকীক ৷ যশোৱন্ত সিং ৰাৱাটৰ লগত অৰুণাচল প্ৰদেশৰ দুগৰাকী জীয়ৰীৰ কাহিনীও জড়িত হৈ আছে ৷ জোৱানগৰাকীক যুদ্ধত সহায় কৰিছিল চেলা আৰু নুৰা নামৰ দুগৰাকী যুৱতীয়ে ৷ নুৰাক চীনা সৈন্যই আটক কৰাৰ বিপৰীতে চেলাৰ গ্ৰেণেড বিস্ফোৰণত মৃত্যু ঘটে ৷

লগতে চাওকঃ প্ৰতিবাদৰ নামত সামাজিক দূৰত্বৰ নীতি উলংঘা বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ

Last Updated : Jun 23, 2020, 8:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.