ETV Bharat / state

Inspiring Story: তেজপুৰত নগদ ১ লাখ ৯ হাজাৰ ৭০০ খুচুৰা পইচাৰে মটৰ চাইকেল ক্ৰয় এজন ব্যক্তিৰ - নগদ ১ লাখ ৯ হাজাৰ ৭০০ খুচুৰা পইচা

জীৱনৰ লক্ষ্য স্থিৰ হ’লে এদিন লক্ষ্যত উপনীত হোৱাটো বাঞ্চনীয় ৷ এই কথাকে প্ৰমাণ কৰি দেখুৱালে ঢেকীয়াজুলিৰ চুলেমান আলী নামৰ এজন লোকে ৷ নগদ 1 লাখ 9 হাজাৰ 500 খুচুৰা পইচাৰে হোণ্ডা কোম্পানীৰ মটৰ চাইকেল ক্ৰয় কৰিলে লোকজনে ৷

নগদ ১ লাখ ৯ হাজাৰ ৭০০ খুচুৰা পইচাৰে মটৰ চাইকেল কিনিলে এজন দোকানীয়ে

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 6:49 PM IST

তেজপুৰ, 3 অক্টোবৰ: কষ্ট কৰিলে অসাধ্য একো নাই । মানুহে কষ্ট কৰিলে ভাল ফল লাভ কৰে ৷ চেষ্টা আৰু অধ্যৱসায় থাকিলে সকলো কামেই সম্ভৱ, লাগে মাথোঁ ইচ্ছা শক্তি । মঙলবাৰে তেজপুৰত এনে এক ঘটনাই পোহৰলৈ আহিছে ৷ নিজ সপোন পূৰণ কৰি এজন ব্যক্তিয়ে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ।

ঢেকীয়াজুলিৰ চুলেমান আলী নামৰ 65 বছৰীয়া এগৰাকী ব্যৱসায়ীয়ে ‘হোণ্ডা’ কোম্পানীৰ এখন মটৰ চাইকেল কিনিবলৈ আহিল নগদ 1 লাখ 9 হাজাৰ 500 খুচুৰা পইচা লৈ । তেজপুৰ কেতেকীবাৰী বিক্ৰম আদিত্য হোণ্ডা শ্ব’ ৰুমত দুই ঘণ্টা ধৰি খুচুৰা পইচা হিচাপ কৰিলে শ্ব’ ৰুমৰ চেলছৰ বিভাগীয় কৰ্তৃপক্ষই ।

Inspiring Story
মটৰ চাইকেল কিনিলে এজন সাধাৰণ দোকানীয়ে

প্ৰকৃততে ঢেকীয়াজুলি বাসদেগা অঞ্চলৰ গেলামালৰ দোকানী চুলেমানৰ প্ৰৱল হেঁপাহ যে তেওঁ সাঁচি থৈ যোৱা খুচুৰা পইচাৰে এদিন এখন মটৰ চাইকেল ক্ৰয় কৰিব । তাৰ পিচতেই আজি 7 বছৰৰ পিচত তেওঁৰ সপোন সাৰ্থক হ’ল ৷ হোণ্ডা কোম্পানীৰ SP 160 মটৰ চাইকেলখন 1,48,700 টকাত ক্ৰয় কৰে ৷ লগতে কোম্পানীটোৱে লোকজনক 20 শতাংশ ৰেহাই দিয়ে বুলিও শ্ব’ ৰুমত কৰ্মৰত অজয় দাসে জানিবলৈ দিয়ে ।

A shopkeeper buys a motorcycle with 1 lakh 9 thousand 700 coins
নগদ ১ লাখ ৯ হাজাৰ ৭০০ খুচুৰা পইচা

বিগত 2016 চনৰ পৰা চুলেমানে তেওঁৰ ব্যৱসায়ৰ লাভৰ পৰা 10 টকাৰ খুচুৰা জমা কৰিছিল । আজি বাইকখন ক্ৰয় কৰাৰ পিচতে বিক্ৰম আদিত্য হোণ্ডা শ্ব’ ৰুমৰ ডীলাৰৰ পৰা চুলেমানক ইমানখিনি খুচুৰা পইচা জমা কৰাৰ বাবে মিঠাই খুৱাই সম্ভাষণ জনায় । পইচাখিনি আনোঁতে চুলেমানৰ লগত কেইবাজনো লোক আহে ৷ দুটা বস্তাত ভৰাই খুচুৰা পইচাখিনি কঢ়িয়াই আনে লোককেইজনে । এটা বস্তা অকলে কঢ়িয়াই অনা যথেষ্ট অসুবিধা হোৱা বুলি জানিব দিয়ে ছেলছ কাৰ্যবাহী বিষয়া সৌৰভ বৰাই । মটৰ চাইকেলখন ক্ৰয় কৰি আনন্দত উৎফুল্লিত হৈ পৰে ৷

খুচুৰা পইচাৰে মটৰ চাইকেল কিনিলে এজন সাধাৰণ দোকানীয়ে

লগতে পঢ়ক: Protest in Guwahati: বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে AJYCP ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.