ETV Bharat / state

শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ বিষয়ে জানো আহক !

author img

By

Published : Mar 11, 2020, 7:44 PM IST

তেজপুৰ,১১ মাৰ্চ: কেপ্টেইন জিন্টু গগৈ, ভাৰত মাতৃৰ বীৰ সন্তান ! পাকিস্তানী শত্ৰুৰ হাতৰ পৰা ভাৰত মাতৃক ৰক্ষা কৰিবলৈ গৈ মৃত্যু বৰণ কৰিছিল এইগৰাকী অসমীয়া বীৰ যোদ্ধাই ৷ আহক জানো জিন্টু গগৈৰ বিষয়ে কিছু কথা ৷

LATE CAPTAIN JINTU GOGOI
LATE CAPTAIN JINTU GOGOI

তেজপুৰ, 11 মাৰ্চ : 21 ডিচেম্বৰ 1970 চন, গোলাঘাট জিলাৰ খুমটাইত জন্ম গ্ৰহণ কৰে জিন্টু গগৈয়ে ৷ সৰুৰে পৰা সেনাবাহিনীৰ প্ৰতি আসক্তি থকা জিন্টু গগৈ ভৰ্তি হৈছিল NATIONAL DEFANCE ACCADEMY-ত ৷ 1994 চনৰ 9 মাৰ্চত চেন্নাইৰ OFFICER TRAINING ACCADEMY-ত যোগ দিয়ে জিন্টু গগৈয়ে ৷ তাৰ ঠিক এবছৰ পাচত অৰ্থাৎ 1995 চনৰ 11 মাৰ্চত ভাৰতীয় সেনা বাহিনীৰ 17 নং গাৰোৱাল ৰাইফলচৰ বেটেলিয়ানত যোগদান কৰে জিন্টু গগৈয়ে ৷ পৰাক্ৰম আৰু দক্ষতাৰ বাবে সেনাবাহিনীত জনাজাত আছিল জিন্টু গগৈ ৷ সেনা বাহিনীত চাৰিবছৰ পাৰ হ'ল ৷ 1999 চন, চুটি লৈ ঘৰলৈ আহিছিল জিন্টু গগৈ ৷ হঠাৎ বেটেলিয়ানৰ পৰা যুদ্ধৰ খবৰ আহিল ৷ যুদ্ধত ভাগ ল'বলৈ ঘৰৰ ওলাই গ'ল জিন্টু গগৈ ৷ ভাৰত-পাক সীমান্তৰ কাৰ্গিল, ড্ৰাচ, লিপা ভেলী, টাইগাৰ হিলচ আদি চেক্টৰ সমূহত বাজি উঠিল যুদ্ধৰ দামামা ৷ প্ৰচণ্ড শীত আৰু বৰফৰ মাজত শত্ৰুৰ সৈতে যুদ্ধ আৰম্ভ হ'ল ভাৰতীয় সেনাৰ ৷ ঠাণ্ডা দিনত ভাৰতীয় সেনাই এৰি অহা সীমান্তৰ পোষ্ট সমূহ পাক সেনা আৰু উগ্ৰপন্থীয়ে দখল কৰাত ভাৰতৰ লাইন অৱ এক্সুৱেল কন্ট্ৰ'ল আৰু ৰাষ্ট্ৰীয় ঘাই পথৰ প্ৰতি ভাবুকি আহি পৰে ৷ লাইন অৱ এক্সুৱেল কন্ট্ৰ'লৰ বাটালিকট পোষ্টৰ দায়িত্বত আছিল কেপ্টেইন জিন্টু গগৈ ৷

LATE CAPTAIN JINTU GOGOI
শ্বহীদ কেপ্টেইন জিন্টু গগৈ

1999 চনৰ 29 জুন, কেপ্টেইন জিন্টু গগৈক দায়িত্ব দিয়া হ'ল কালা পথাৰৰ যুৱৰ নামৰ এক শিখৰত অৱস্থিত শ্ৰীনগৰ - লেহ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ সুৰক্ষা নিজৰ অধীনলৈ অনা ৷ নিজৰ সৈন্য লগত লৈ অভিযানত নামি পৰিল জিন্টু গগৈ ৷ সেই স্থানত থকা পাকিস্তানী উগ্ৰপন্থীৰ আৰু সেনাৰ দলক অতৰ্কিতে ঘেৰাও কৰি নিশাৰ ভাগত ভাৰতীয় সেনাই অভিযানৰ সফল সমাপ্তি ঘটায় ৷ 30 জুনৰ পুৱা পুনৰ আৰম্ভ হ'ল যুদ্ধ ৷ কেপ্টেইন গগৈয়ে সন্মুখ ভাগৰ পৰা অভিযানৰ নেতৃত্ব দি যুৱৰ হিলৰ উচ্চ শিখৰত অৱস্থান কৰা সৈন্যৰ ওপৰত আক্ৰমণ কৰে ৷ প্ৰথমে শত্ৰু পক্ষক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল কিন্তু শত্ৰুৱে অমান্য কৰে সেই নিৰ্দেশ ৷ লগে লগে গড়োৱাল ৰাইফলচৰ যুদ্ধৰ শতৰ্কবানী , "Badri Vishal Lal Ki Jai“ ধ্বনিৰে শত্ৰুক আক্ৰমণ কৰে ভাৰতীয় সেনাই ৷ জিন্টু গগৈয়ে ২ জন শত্ৰু সৈন্যক গুলিয়াই নিজৰ লগতে সহকৰ্মী সেনা জোৱানৰ বাবে সুৰক্ষিত পথ মুকলি কৰি উচ্চ শিখৰলৈ আক্ৰমণ কৰি আগবাঢ়ি যায় ৷ কিন্তু হঠাৎ শত্ৰু পক্ষৰ পৰা বৰ্ষণ হোৱা গুলীয়ে বুকু ভেদি গ'ল জিন্টু গগৈৰ ৷ শত্ৰুৰ গুলীয়ে ক্ষত বিক্ষত কৰাত বাগৰি পৰে কেপ্টেইন গগৈ ৷ প্ৰায় 150 ফুট তলত বৰফৰ মাজত উদ্ধাৰ হয় জিন্টু গগৈৰ নিথৰ দেহ ৷ শ্বহীদ বৰণ কৰিলে অসমী আইৰ বীৰ সন্তানগৰাকীয়ে ৷

শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ বিষয়ে জানো আহক !

1999 চনৰ 15 আগষ্টত এইগৰাকী বীৰ যোদ্ধাক মৰণোত্তৰভাৱে ভাৰতবৰ্ষৰ তৃতীয় বৃহৎ সন্মান " বীৰ চক্ৰ" প্ৰদান কৰা হয় ৷ ইয়াৰ পিচত ক্ৰমে 2007 চনত বীৰ চিলাৰায় সন্মান, 2014 চনত অসম চৰকাৰে মৰণোত্তৰভাৱে "লাচিত বৰফুকন" সন্মানেৰে সন্মানিত কৰে এইগৰাকী বীৰ যোদ্ধাক ৷ তাৰোপৰি 2004 চনৰ পৰা সেনাবাহিনীত বীৰচক্ৰ মেম'ৰিয়েল ফুটবল টুৰ্ণামেন্ট আয়োজন কৰা হয় ৷ 2009 চনত গুৱাহাটীৰ নাৰেংগীস্থিত 101 কেন্টনমেন্টত জিন্টু বীৰ শীৰ্ষক স্মাৰক স্থাপন কৰা হয় ৷ ই টি ভি ভাৰতৰ তৰফৰ পৰাও এইগৰাকী বীৰ শ্বহীদলৈ জনালো শ্ৰদ্ধা যাঁচিলো ৷

লগতে পঢ়ক : কেনে আছে যোৰহাটৰ এম ভি মহাবাহু ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.