ETV Bharat / state

সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে চতিয়াৰ একাংশ লোকে

author img

By

Published : Feb 29, 2020, 9:48 PM IST

সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ একাংশ লোকে ৷ কালি নিশাৰ ভাগত এগৰাকী হিন্দু ধৰ্মাৱলম্বী লোকৰ শেষকৃত্য সম্পন্ন কৰে পৰিয়ালৰ লগতে স্থানীয় ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷

চতিয়াৰ একাংশ লোক
চতিয়াৰ একাংশ লোক

চতিয়া, 29 ফেব্ৰুৱাৰীঃ ধৰ্মৰ নামত দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভেদাভেদ সৃষ্টি কৰি একাংশ লোকে ধৰ্মীয় অসহিষ্ণুতা সৃষ্টি কৰাৰ সময়তে শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ জামুগুৰিহাটত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে একাংশ লোকে ৷ জামুগুৰি হাটৰ পশ্চিমাঞ্চলৰ গটাইমাৰী চাপৰিত কালি নিশাৰ ভাগত মনোৰথ উপাধ্যায় নামৰ এগৰাকী হিন্দু ধৰ্মাৱলম্বী লোকৰ শেষকৃত্য সম্পন্ন কৰে পৰিয়ালৰ লগতে স্থানীয় ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷ গাঁওখনত মাত্ৰ তিনিটা পৰিয়াল হিন্দু ধৰ্মাৱলম্বী হোৱাৰ বিপৰীতে সৰহ সংখ্যক লোক ইছলাম ধৰ্মাৱলম্বী হোৱাৰ বাবে মৃতকৰ দাহন কাৰ্যত সহযোগিতা আগবঢ়াই এই লোকসকলে ৷ মৃতকৰ সৎকাৰৰ বাবে প্ৰয়োজন সকলো সামগ্ৰী ইছলাম ধৰ্মীয় লোকসকলেই যোগাৰ কৰাৰ লগতে ব্যক্তিগৰাকীৰ দাহন কাৰ্য শেষ হোৱা পৰ্যন্ত সেই স্থানত উপস্থিত থাকি মানৱতাই যে এই পৃথিৱীত একমাত্ৰ ধৰ্ম তাৰেই যেন এক উদাহৰণ দাঙি ধৰিলে ইছলাম ধৰ্মীয় লোকসকলে ৷

সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে চতিয়াৰ একাংশ লোকে

লগতে পঢ়কঃ

নাগ্ৰীজুলী চাহ বাগিচাত উৰিয়া সাংস্কৃতিক সমাৰোহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.