তেজপুৰ, ২৪ জুলাই : হিংসা জৰ্জৰিত মণিপুৰত খাদ্যৰ অভাৱ দূৰ কৰিবলৈ অৱশেষত ৭৫ দিনৰ মূৰত আহি পালে এখন মালবাহী ট্ৰেইন ৷ খংছাং ৰে’ল ষ্টেচনত ৰৈছে মালবাহী ট্ৰেইনখন । সঁচাকৈয়ে এটা ভাল খবৰ ৷ মণিপুৰৰ গুৰুতৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ মাজত এই মালবাহী ট্ৰেইনখনে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ।
উত্তৰ-পূবৰ মালবাহী ট্ৰেইনখনক মণিপুৰৰ মুখ্যমন্ত্ৰী নংথোম্বম বীৰেণ সিঙৰ নেতৃত্বত ফ্ৰন্টিয়াৰ ৰে’লৱেই আদৰণি জনায় ৷ আদৰণিৰ সময়ত তেওঁৰ মন্ত্ৰী আৱাংবো (দুৰ্যোগ ব্যৱস্থাপনা আৰু জলসম্পদ), গোবিন্দাস কনথৌজাম (কাৰ্য্য) আৰু কাছিম ভাছুম (পৰিবহণ), অধ্যক্ষ এইচ এ চি ডিংগাংলুং গাংমেই, মণিপুৰ চি এছ বিনীত যোশী, জে টি চি, জে টি এছ এ টি এছৰ চি এছ অ’ নেতা উপস্থিত থাকে ৷ টামেংলং আৰু ননে জিলা পৰ্যায়ৰ বিষয়া, ৰে’লৱেৰ বিষয়া, ব্যৱসায়ী আৰু গাঁৱৰ লোকসকলে তেওঁলোকক আতিথ্য প্ৰদান কৰে ।
দেওবাৰে গুৱাহাটীৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী ভৰ্তি ৰেলখনৰ ফ্লেগ অফ কৰা হয় । ৰে’লখনৰ 13 টা ডবাত আলু, পিয়াঁজ, চেনি আৰু অন্যান্য খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় বয়-বস্তু ৰাজ্যখনলৈ আমাদানি কৰা হৈছে ৷ মালবাহী ৰে’লখনৰ প্ৰতিটো ডবাত ৬০ মেট্ৰিক টন সামগ্ৰী দি পঠোৱা হৈছিল ৷
এন বীৰেণ সিঙে এই মালবাহী ট্ৰেইনখনৰ যোগেদি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ লাভ কৰি অত্যন্ত সুখী হৈ মন্তব্য প্ৰকাশ কৰি কয় যে এই দুৰ্যোগৰ সময়ত ৰাজ্যখনৰ বাবে ই এক সকাহস্বৰূপ ৷ এই সামগ্ৰীসমূহে মণিপুৰৰ জনসাধাৰণৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ অভাৱ পূৰণ কৰিব ৷ মণিপুৰৰ এই সমস্যা জৰ্জৰিত সময়ত ৰে’লৰ চলাচলে নিশ্চিতভাৱে ৰাজ্যখনত স্বাভাৱিক অৱস্থা ঘূৰাই অনাত সহায় কৰিব ৷
দেশৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণবৰ সহযোগত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণ সম্ভৱ কৰি তোলাৰ বাবে মণিপুৰবাসীয়ে ইয়াৰ একমুখে শলাগ লয় ৷ বিশেষকৈ জিলাখনৰ ননে আৰু টামেংলং জিলাৰ লোকসকলে এই সামগ্ৰীভৰ্তি ৰে’লখন অনাৰ প্ৰচেষ্টাক ধন্যবাদ জনায় ৷ লগতে এই ৰে’লখনক মণিপুৰলৈ অহাত সহায় কৰি মণিপুৰবাসীৰ কষ্ট লাঘৱ কৰা ব্যৱসায়ী সম্প্ৰদায়ৰ নেতা চান্টা নাহাকপামসহ অৱদান আগবঢ়োৱা প্ৰতিজন ব্যক্তিক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৷
লগতে পঢ়ক : Manipur Update: গুৱাহাটীৰ পৰা মণিপুৰলৈ ৰাওনা হৈছে প্ৰথমখন অত্যাৱশ্যকীয় সামগ্ৰী ভৰ্তি মালবাহী ৰে’ল