ETV Bharat / state

গহপুৰত উদ্ধাৰ গুৰুতৰ ভাৱে আহত এটি পহু - Barking Deer in Gohpur

গহপুৰত 14 বছৰীয়া কিশোৰে নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰিলে এটি গুৰুতৰ ভাৱে আহত পহু ৷

গহপুৰত উদ্ধাৰ গুৰুতৰ ভাৱে আহত এটি পহু
গহপুৰত উদ্ধাৰ গুৰুতৰ ভাৱে আহত এটি পহু
author img

By

Published : Jul 21, 2020, 4:03 PM IST

তেজপুৰ, 21 জুলাই : গহপুৰৰ তেলৰচুঙা বৰিত এজন 14 বছৰীয়া কাকুমনি বৰুৱা নামৰ কিশোৰৰ সাহসিকতাৰ পৰিচয়। নদীৰ বুকুৰ পৰা প্ৰায় 2 কি.মি. সাঁতুৰি উদ্ধাৰ কৰিলে গুৰুতৰ ভাৱে আহত এটি পহু ।

জানিব পৰা মতে,কাজিৰঙা ষষ্ঠ সংযোজনৰ দিশৰ পৰা হেলেম নদীত উটি আহিছিল পহুটো । প্ৰথম অৱস্থাত নাৱেৰে গৈ নদীৰ বুকুত সাঁতুৰি পহুটো উদ্ধাৰ কৰে যুৱকজনে । গুৰুতৰ ভাৱে আহত পহুটোৰ মুখমণ্ডল আৰু পিছ অংশৰ পৰা যথেষ্ট ৰক্তক্ষৰণ হৈ আছিল ।

গহপুৰত উদ্ধাৰ গুৰুতৰ ভাৱে আহত এটি পহু

পিচত কিশোৰজনে বন বিভাগক খবৰ দিয়াত ততাতৈয়াকৈ বন বিভাগৰ লোক আহি উপস্থিত হৈ পহুটিৰ চিকিৎসা ব্যৱস্থাৰ বাবে লৈ যায় । সাহসিকতাৰে যুৱকজনে পহুটিৰ জীৱন দান দিয়াত স্থানীয় লোকেও যুৱকজনৰ এই কৰ্মৰ শলাগ লয় ৷

লগতে চাওক-সৰ্থেবাৰীৰ কাঁহশিল্পৰ উন্নয়নৰ বাবে 1 কোটি টকাৰ অনুদান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.