ETV Bharat / state

ঢোল-পেঁপাৰ মাতত ৰজনজনালে নবিল পথাৰ - ৰঙালী বিহু

ঢোল-পেঁপা-গগণাৰ মাতত বিহু গীতৰ সুৰৰে মুখৰিত হ'ল মিছামাৰীৰ নবিল পথাৰ সমন্বয় ক্ষেত্ৰ ৷ ৰাজ্যবাসী বিহুৰ পাৰভঙা উচাহত মতলীয়া হৈ থকাৰ সময়তে নবিল পথাৰ ৰঙালী বিহু সন্মিলনীয়ে এইবেলি অনুষ্ঠিত কৰিলে সপ্তম বাৰ্ষিক মুকলি বিহু প্ৰতিযোগিতা ৷ ক'ভিড প্ৰট'কল মানি অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনিত 9 টাকৈ বিহু হুঁচৰি দলে অংশ গ্ৰহণ কৰে ৷

নবিল পথাৰত অনুষ্ঠিত হ'ল সপ্তম বাৰ্ষিক মুকলি বিহু প্ৰতিযোগিতা

author img

By

Published : Apr 18, 2021, 1:17 PM IST

ৰঙাপৰা, 18 এপ্ৰিল : মহামাৰী ক'ৰণাৰ আতংকৰ মাজতে ঢোল-পেঁপাৰ মাতত অহা ৰঙালীক উদযাপন কৰিলে অসমবাসীয়ে ৷ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙাপৰাবাসী ৰাইজেও উদযাপন কৰিলে ৰঙালী বিহু ৷ ঢোল-পেঁপা-গগণাৰ মাতত বিহু গীতৰ সুৰৰে মুখৰিত হ'ল মিছামাৰীৰ নবিল পথাৰ সমন্বয় ক্ষেত্ৰ ৷ সমগ্ৰ ৰাজ্যতে বিহুৰ পাৰভঙা উচাহে বিৰাজ কৰি থকাৰ মাজতে নবিল পথাৰ ৰঙালী বিহু সন্মিলনীয়ে এইবেলি অনুষ্ঠিত কৰিলে সপ্তম বাৰ্ষিক মুকলি বিহু প্ৰতিযোগিতা ৷

নবিল পথাৰত অনুষ্ঠিত হ'ল সপ্তম বাৰ্ষিক মুকলি বিহু প্ৰতিযোগিতা

উল্লেখ্য যে, 9 টাকৈ বিহু হুঁচৰি দলে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি অনুষ্ঠিত কৰা হৈছিল ৷ মুকলি বিহু প্ৰতিযোগিতাত বোকাখাতৰ গামখাৰু বিহুৱা দলে প্ৰথম, বৰছলাৰ সাতসৰী বিহুৱা দলে দ্বিতীয়, ঢেকীয়াজুলিৰ ৰূপজ্যাতি আঞ্চলিক বিহুৱা দলে তৃতীয় আৰু নলবাৰীৰ গগণা বিহুৱা দলে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: আত্ম প্ৰকাশ কৰিলে নতুন অৰ্কেষ্ট্ৰা তেজপুৰ প্ৰতিধ্বনিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.