ETV Bharat / state

পূৰ্ণ গতিত আগবাঢ়িছে ভোমোৰাগুৰিৰ দ্বিতীয়খন দলঙৰ কাম - গেমন ইণ্ডিয়া লিমিটেড

কলীয়া ভোমোৰা সেতুৰ সমান্তৰালকৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত নিৰ্মীয়মান দ্বিতীয় খন সেতুৰ প্ৰায় 60 শতাংশ কাম সম্পূৰ্ণ হৈছে । গেমন ইণ্ডিয়া লিমিটেড আৰু শিংলা নামৰ নিৰ্মাণ দুটা কোম্পানীৰ দায়িত্বত আছে দলং খনৰ নিৰ্মাণ কাৰ্য ।

60 শতাংশ সম্পূৰ্ণ হৈছে ভোমোৰাগুৰিৰ দ্বিতীয়খন দলঙৰ কাম

author img

By

Published : Jul 4, 2020, 4:38 PM IST

তেজপুৰ, 4 জুলাইঃ প্ৰায় 60 শতাংশ কাম সম্পূৰ্ণ হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত কলীয়া ভোমোৰা সেতুৰ সমান্তৰালকৈ নিৰ্মান হোৱা দ্বিতীয় খন সেতুৰ কাম । ২০১৮ চনতে গেমন ইণ্ডিয়া লিমিটেড আৰু শিংলা নামৰ নিৰ্মাণ দুটা কোম্পানীয়ে আৰম্ভ কৰিছিল দলং খন নিৰ্মাণৰ কাম । কিন্তু লক ডাউনৰ বাবে এই নিৰ্মাণ কাৰ্যত আহি পৰিছিল কিছু ব্যাঘাত । লক ডাউন ঘোষণা হোৱাৰ পিচৰে পৰাই সম্পূৰ্ণ স্থবিৰ হৈ পৰিছিল নিৰ্মাণৰ কাম ।

ভোমোৰাগুৰিৰ দ্বিতীয়খন নিৰ্মীয়মাণ দলং
ভোমোৰাগুৰিৰ দ্বিতীয়খন নিৰ্মীয়মাণ দলং

কিন্তু সুদীৰ্ঘ দিনৰ অন্তত পুনৰ আৰম্ভ হৈছে দলং খনৰ নিৰ্মাণ কাৰ্য । বৰ্তমান প্ৰায় 80 গৰাকী লোক ব্যস্ত হৈ আছে দলং নিৰ্মাণ কাৰ্যত । তথাপিও সাপ্তাহিক লক ডাউনৰ বাবে এই নিৰ্মাণ কাৰ্যত কিছু ব্যাঘাত নহা নহয় । পূৰ্বৰ তুলনাত যথেষ্ট ধীৰ হৈছে দলং নিৰ্মাণৰ কাম । কিয়নো লক ডাউনৰ বাবে ঘৰলৈ যোৱা বহু শ্ৰমিক এতিয়াও ঘূৰি আহিব পৰা নাই কৰ্মস্থলীলৈ ।

60 শতাংশ সম্পূৰ্ণ হৈছে ভোমোৰাগুৰিৰ দ্বিতীয়খন দলঙৰ কাম

লগতে পঢ়কঃ চিকিৎসক আৰু নাৰ্ছৰ বাবে বছৰৰ শেষলৈ 25 শতাংশ ৰেহাইৰ সুবিধা ইণ্ডিগ'ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.