ETV Bharat / state

Repatriation of Indian : প্ৰত্যাবাসনৰ অপেক্ষাত ভাৰত-বাংলা সীমান্তত ৫৯ গৰাকী ভাৰতীয় - প্ৰত্যাৱৰ্তনৰ অপেক্ষাত ভাৰত বাংলা সীমান্তত ৫৯ গৰাকী ভাৰতীয়

ভাৰত-বাংলাদেশ সীমান্তৰ পৰা অসমত প্ৰৱেশৰ অপেক্ষাত আছে ৫৯ গৰাকী ভাৰতীয় (59 Indians waiting for return from Bangladesh)। তেজপুৰ কাৰাগাৰৰ পৰা বাংলাদেশ আৰু ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনৰ বাবেও অপেক্ষা কৰি আছে ১৯ গৰাকী লোকে । তেওঁলোকৰ প্ৰত্যাৱৰ্তনৰ বাবে চৰকাৰ তথা বিদেশী ন্যায়াধিকৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ।

Repatriation of Indian
প্ৰত্যাৱৰ্তনৰ অপেক্ষাত আছে ১৯ গৰাকী বিদেশী
author img

By

Published : Jul 16, 2022, 7:04 PM IST

তেজপুৰ,১৬ জুলাই : তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ নিৰ্বাসন চেণ্টাৰৰ (Deportation centre) পৰা প্ৰত্যাৱৰ্তনৰ অপেক্ষাত আছে ১৯ গৰাকী বিদেশী । ইয়াৰ ভিতৰত ১০ গৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰী আৰু ৯ গৰাকী ম্যানমাৰৰ ৰোহিংগিয়া । ইতিমধ্যে তেওঁলোকৰ কাৰাবাসৰ সময়সীমা উকলি গৈছে আৰু বৰ্তমান শৰণাৰ্থী শিবিৰত আছে ।

মনকৰিবলগীয়া যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত বিদেশী ন্যায়াধীকৰণৰ তৎপৰতাত এই লোকসকলক প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা কৰা হয় । সেয়ে বৰ্তমান তেওঁলোকো প্ৰত্যাৱৰ্তনৰ অপেক্ষাত আছে । বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলৰ প্ৰত্যাৱৰ্তনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ পূৰ্বে প্ৰায় ১১ গৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰীক তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ বিদেশী শৰণাৰ্থীৰ শিবিৰৰ পৰা প্ৰত্যাৱৰ্তন কৰা হৈছে ।

tezpur
প্ৰত্যাবাসনৰ অপেক্ষাত ভাৰত-বাংলা সীমান্তত ৫৯ গৰাকী ভাৰতীয়

আনহাতে ভাৰত-বাংলাদেশ সীমান্তত কৰিমগঞ্জ এলেকাৰ ৫৯ গৰাকী ভাৰতীয় প্ৰত্যাবাসনৰ অপেক্ষাত আছে (59 Indians waiting for return from Bangladesh)। অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে । কৰিমগঞ্জ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা এক নিৰ্দেশনা যোগে সেই পৰিয়াল কেইটাক তেওঁলোকৰ যাৱতীয় নথি পত্ৰ দাখিল কৰিবলৈ কোৱা হৈছিল । যোৱা ৩০ জুনৰ ভিতৰত এই প্ৰমাণ পত্ৰ জমা দিবলৈ কোৱা হৈছিল যদিও ৰাজ্যত হৈ থকা প্ৰলয়ংকাৰী বানৰ বাবে সেই তাৰিখ পিছুৱাই দি অহা ৩০ জুলাই নিৰ্ধাৰণ কৰা হৈছে ।

অৱশ্যে সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ পৰা তেওঁলোকে অনুমতি পোৱাৰ অপেক্ষাত আছে । শৰণাৰ্থীৰ পৰিয়াল কেইটা উত্তৰ লাফেছাইল নামৰ ঠাইত বৰ্তমান বাস কৰি আছে । সেই অঞ্চল সীমান্তৰ পৰা ৫ কিলোমিটাৰ নিলগত আৰু শিলচৰৰ পৰা ৭০ কিলোমিটাৰ দূৰত । মুঠ ৯৩ টা পৰিয়ালৰ ইতিমধ্যে ৩৪ টা অন্য সুৰক্ষিত স্থানলৈ সংস্থাপনৰ বাবে আঁতৰি গৈছে আৰু বাকী ৫৯ টা উক্ত অঞ্চলতে প্ৰত্যাবাসনৰ অপেক্ষাত আছে ।

অৱশ্যে অসম চৰকাৰৰ তৰফৰ পৰা এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে য'ত কোৱা হৈছে যে অতিৰিক্ত ফ্ৰেঞ্চিং প্ৰদান কৰি পৰিয়াল কেইটাক সুৰক্ষিত ৰাখিব আৰু তেওঁলোকক ভূমি হস্তান্তৰ কৰি সংস্থাপন দিয়া হ'ব । কিন্তু অহা ৩০ জুলাইৰ পিছতহে এই সমগ্ৰ ঘটনা মুকলি হ'ব যেতিয়া তেওঁলোকে ভাৰতীয় হোৱাৰ প্ৰমাণ পত্ৰ দাখিল কৰিব ।

লগতে পঢ়ক :Vineet Bagaria suicide case: বৈদুল্লাৰ পৰিয়ালৰ বিৰুদ্ধে হঠাৎ তৎপৰ ডিব্ৰুগড় আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.