ETV Bharat / state

চীনৰ দখলত ভাৰতৰ ৩৮ হাজাৰ বৰ্গকিলোমিটাৰ ভূমি; ভাৰত-তিব্বত সমন্বয় সংঘ

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 6:03 PM IST

চীনে ভাৰতৰ ৩৮ হাজাৰ বৰ্গকিলোমিটাৰ ভূমি ১৯৬২ চনৰ যুদ্ধৰ সময়ৰ পৰাই অধিগ্ৰহণ কৰি ৰাখিছে । এই ভূমি পুনৰ ঘূৰাই অনাৰ বাবে সেই সময়ত দেশৰ সংসদত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল । কিন্তু এই যুদ্ধৰ ৬১ বছৰ পিছতো সেয়া ঘূৰাই অনাৰ বাবে কোনো চেষ্টা নকৰিলে । এই অভিযোগ উত্থাপন কৰিছে ভাৰত-তিব্বত সমন্বয় সংঘৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৌন্তেয়া জয়ছোৱালে ।

Bharat Tibet samannai sangha
চীনৰ দখলত ভাৰতৰ ৩৮ হাজাৰ বৰ্গকিলোমিটাৰ ভূমি; ভাৰত তিব্বত সমন্বয় সংঘ

চীনে দখল কৰিছে ৩৮ হাজাৰ কিমি ভাৰতীয় ভূমি

তেজপুৰ, ৮ ডিচেম্বৰ : প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ তেজপুৰত ভূপেন হাজৰিকা কলাভূমিত ৯-১০ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগা ভাৰত-তিব্বত সমন্বয় সংঘৰ অধিবেশনৰ পূৰ্বে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাকক্ষত এক সাংবাদমেল সম্বোধন কৰে ভাৰত-তিব্বত সমন্বয় সংঘৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৌন্তেয়া জয়ছোৱালে ।

সংবাদমেলত তেওঁ কয় যে চীনে প্ৰায় ৩৮ হাজাৰ বৰ্গকিলোমিটাৰৰ এক বৃহৎ ভাৰতীয় ভূমিখণ্ড দখল কৰি আছে । এই বিষয়ে ইতিমধ্যে দেশৰ ৰাষ্ট্ৰপতিৰ হাতত এক প্ৰতিবেদন দাখিল কৰিছে বুলিও তেওঁ কয় । আনহাতে, দেশৰ প্ৰায় সকলো সাংসদক এই বিষয়ে প্ৰতিলিপি প্ৰেৰণ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা সংসদত যাতে পূৰ্বৰ প্ৰস্তাৱ পুনৰ উত্থাপন কৰা হয় ।

আনহাতে, কৈলাস মানস সৰোবৰত থকা তিব্বতীয়ান আৰাধ্য দেৱতা শিৱৰ মূৰ্তি থকা তিব্বতৰ বৃহৎ অঞ্চল চীনে অধিগ্ৰহণ কৰি ৰাখিছে । যাৰ বাবে চীনৰ গ্ৰাসত থকা তিব্বতৰ মুক্তিৰ বাবে বিগত বহু বছৰ ধৰি আন্দোলন অব্যাহত ৰাখিছে ভাৰত তিব্বত সমন্বয় মঞ্চই ৷ তেওঁ কয় যে চীনে সমগ্ৰ তিব্বত নিজৰ অধীনত ৰাখি এক প্ৰকাৰ তিব্বতৰ সকলো অংশ অধিকাৰ কৰি পেলাইছে ৷

তিব্বতীয়ানসকলৰ মুক্তিৰ বাবেই ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা সমন্বয়ৰ বাৰ্তাৰে ভাৰত তিব্বত সমন্বয় মঞ্চই এই অধিবেশনত কেইবাটাও দাবী প্ৰস্তাৱ গ্ৰহণ কৰিব ৷ ১৯৫৯ চনতেই চীনে তিব্বত অধিকাৰ কৰিছে ৷ এয়া ভাৰতৰ বাবেও এক ভাবুকি ৷ তিব্বতীয়ানসকলক হত্যাৰ ভয়-ভাবুকিৰে চীনে দমন কৰি আহিছে বুলি দাবী কৰি অৰুণাচল প্ৰদেশৰ সমান্তৰালভাৱে লাডাখত বাৰম্বাৰ চীনে ভাবুকিৰ সৃষ্টি কৰি আহিছে বুলি উল্লেখ কৰে ৷

উল্লেখযোগ্য যে কৌন্তেয়া জয়ছোৱালে দাবী কৰে যে ১৯৬৩২ চনৰ যুদ্ধত তদানীন্তন কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান অৰ্থাৎ বায়ুসেনাক ব্যৱহাৰ নকৰাৰ বাবেই উক্ত যুদ্ধত ভাৰতৰ প্ৰায় ৪ হাজাৰৰো অধিক সেনা জোৱানৰ মৃত্যু ঘটিছিল । সংবাদমেলত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰান্তীয় সম্পাদক দ্বীপেন মহন্তকে ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাজনো ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :এতিয়াৰে পৰা আৰু সাংসদ নহয় মহুৱা মৈত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.