তেজপুৰ,২ ফেব্ৰুৱাৰী : অৰুণাচল প্ৰদেশত পুনৰ অপহৰণৰ ঘটনা । লংডিং জিলাত পথ নির্মাণত জড়িত তিনিগৰাকী লোকক অপহৰণ । অপহৃত তিনিগৰাকীৰ এজন পশ্চিমবংগৰ জলপাইগুৰিৰ বুলি জানিব পৰা গৈছে ।
এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে লংডিং জিলাৰ পুমাও লাংখৌ নামৰ অঞ্চলত সংঘটিত হৈছে এই অপহৰণৰ ঘটনা । পথ নিৰ্মাণ কৰি থকা অৱস্থাতে ১০ জনীয়া এন এছ চি এন (Y-K) গোটৰ অস্ত্ৰধাৰী দলে তিনিও গৰাকী লোকক মঙলবাৰে অপহৰণ কৰে (3 road construction employees kidnapped in Arunachal)।

অৱশ্যে তিনিগৰাকীৰ ভিতৰত অৰুণাচল প্ৰদেশৰ লংডিং ৰলাংখাও গাঁওৰ বাঙফুৱা ৱাংপান নামৰ এজনক উগ্ৰপন্থীৰ দলটোৱে মুকলি কৰি দিয়ে যদিও ২ জনক এতিয়াও আবদ্ধ কৰি ৰাখিছে । এই দুজনৰ ভিতৰত এজন এস্কেভেটৰ ছালক হীৰেন কোঁচ আৰু আনজন ৰামচিশ মাহাতো বুলি জানিব পৰা গৈছে । মাহাতোৰ ঘৰ পশ্চিমবংগত বুলি জানিব পৰা গৈছে ।
অৱশ্যে এতিয়ালৈ লংডিং আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই । স্থানীয় সূত্ৰই প্ৰকাশ কৰা মতে লংডিং অঞ্চলত এইধৰণৰ অপহৰণৰ ঘটনা পূৰ্বেও সংঘটিত হৈছিল । অস্ত্ৰধাৰী গোটে ধন দাবীৰ উদ্দেশ্যে এই অপহৰণ কৰে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :শিৱসাগৰৰ দিচাং মাজগাঁৱত টেংকাৰ বিস্ফোৰণ