ETV Bharat / state

অৰুণাচলত নিহত চাৰিগৰাকী সেনা জোৱান - সেনা বাহিনীৰ প্ৰাক্তন জোৱান

সেনাবাহিনীৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আহি থকা অৱস্থাত সংঘটিত হোৱা পথ দুৰ্ঘটনাত নিহত হয় চাৰিগৰাকী সেনা জোৱান ৷ নিহতসকলৰ তিনিগৰাকী প্ৰাক্তন সেনা জোৱান হোৱাৰ বিপৰীতে এগৰাকী সেনাত কৰ্মৰত গাড়ীচালক আছিল বুলি জানিব পৰা গৈছে ৷

দুৰ্ঘটনাত নিহত সেনা জোৱান
author img

By

Published : Sep 28, 2019, 6:23 PM IST

Updated : Sep 28, 2019, 9:37 PM IST

তেজপুৰ, 28 ছেপ্টেম্বৰঃ অৰুণাচলত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় 4গৰাকীকৈ সেনা জোৱানে ৷ ৰাজ্যখনৰ পশ্চিম কামেং জিলাৰ টেঙ্গা ভেলীত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটো ৷

10 আছাম ৰেজিমেন্টৰ প্ৰাক্তন নায়ক পাচাং মনপা

ভাৰতীয় সেনাবাহিনীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ ৰাজ্যখনৰ ৰোপাত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানলৈ বুলি সেনাৰ বাছেৰে আহি আছিল দলটো ৷ মুঠ 18 গৰাকী লোকক কঢ়িয়াই অনা বাছখনৰ অধিকাংশই সেনাবাহিনীৰ প্ৰাক্তন জোৱান আছিল ৷ টাৱাঙৰ পৰা আহি থকা অৱস্থাত টেঙ্গা ভেলীৰ 18 বি আৰৰ এখন দলঙৰ কাষতে থকা এটা প্ৰকাণ্ড শিলত খুন্দা খাই দুৰ্ঘটনাত পতিত হয় বাছখন ৷

5 গাৰ্ডছ ৰেজিমেন্টৰ প্ৰাক্তন নায়ক ছেৱাং নৰবু

দুৰ্ঘটনাটোৰ ফলত বাছখনৰ চালকসহ 4 গৰাকী জোৱান নিহত হোৱাৰ বিপৰীতে 15 গৰাকী লোক আহত হয় ৷ নিহত জোৱানকেইজন সেনা বাহিনীৰ প্ৰাক্তন জোৱান বুলি জানিব পৰা গৈছে ৷ নিহতসকলৰ ভিতৰত সেনাৰ 18 কুমাও ৰেজিমেন্টৰ গাড়ীচালক মুকেশ কুমাৰ যাদৱৰ লগতে 5 গাৰ্ডছ ৰেজিমেন্টৰ প্ৰাক্তন নায়ক ছেৱাং নৰবু, 10 আছাম ৰেজিমেন্টৰ প্ৰাক্তন নায়ক পাচাং মনপা আৰু সেনাৰ প্ৰাক্তন চিপাহী নৰবু লামা বুলি চিনাক্ত কৰিছে সেনাই ৷

সেনাৰ চোৰাংচোৱাৰ প্ৰাক্তন চিপাহী নৰবু লামা

আহতসকলক ডাহোঙৰ সেনাৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকাৰ লগতে 6 গৰাকীক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷ আনহাতে এগৰাকীৰ অৱস্থা অধিক সংকটজনক হোৱাৰ বাবে যিকোনো মুহূৰ্ততে এয়াৰ এম্বুলেন্সেৰে গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে ৷ আহতসকলৰ 8 গৰাকীৰ অৱস্থা বৰ্তমানে ঠিকে আছে বুলি জানিবলৈ দিয়ে সেনাৰ কৰ্তৃপক্ষই ৷

অৰুণাচলত সেনাবাহিনীৰ বাহন দুৰ্ঘটনাগ্ৰস্থ

Intro:অৰুনাচলৰ টেঙ্গাত দুৰ্ঘটনাত এজন সেনা জোৱান সহ ৩ জন প্ৰাক্তন সেনা জোৱান থিতাতে নিহত

তেজপুৰ,২৮ ছেপ্তেম্বৰ : অৰুনাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ টেঙ্গা ভেলিত ভয়াবহ পথ দুৰ্ঘটনা , থিতাতে নিহত ৪ জন লোক বৃহস্পতিবাৰে নিশা ৷
প্ৰাক্তন ভাৰতীয় সেনাবাহিনীৰমুথ ১৭ জন লোকক কঢ়িয়াই অনা ১৮ কুমাও ৰেজিমেন্টৰ ড্ৰাইভাৰ সৈনিক মোকেশ কুমাৰ যাদৱ লগতে টাচাং নৰ্বো , পাচং নৰ্বো আৰু পাংচো নামৰ প্ৰাক্তন সৈনিক তিনিজন নিহত ৷
Body:জানিব পৰা মতে অৰুনাচল প্ৰদেশৰ ৰোপাত সেনাবাহিনীৰ এক অনুস্থানত ভাগ লবৰ বাবে তেওলোকক টাৱাংৰ পৰা আনি থকা অৱস্থাত ১৮ বি আৰৰ এখন দলংৰ কাষত এটা প্ৰকাণ্ড শিলত খুন্দা খাই এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ Conclusion:আনহাতে বাকী ১৫ জন লোকৰ সেনাবাহিনীৰ ডাহোংৰ চিকিৎসালয়ত চিকিৎসাধিন হৈ আছে যদিও ৬ জনক গুৱাহাটী সেনাবাহিনী চিকিৎসালয়লৈ প্ৰেৰন কৰে ১ জন সংকট জনক অৱস্থাত ডাহোংত আছে যদিও এয়াৰ এম্বুলেঞ্চৰে গুৱাহাটীলৈ যি কোনো সময়ত নিয়াৰ সম্ভাবনা আৰু ৮ জনৰ বৰ্তমান কিছু আৰুগ্য বুলি জানিব দিয়ে ৷

Pranab kumar Das
Tezpur
28/9/19
Last Updated : Sep 28, 2019, 9:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.