ETV Bharat / state

বিশিষ্ট নাট্যশিল্পী বলদেৱ শইকীয়ালৈ 2020 বৰ্ষৰ গিয়াছউদ্দিন আহমেদ বঁটা

author img

By

Published : Aug 14, 2020, 10:22 PM IST

শুকুৰবাৰে বিশিষ্ট নাট্যশিল্পী,ভ্ৰাম্যমাণ থিয়েটাৰৰ এসময়ৰ বলিষ্ঠ অভিনেতা,অসম আন্দোলনৰ সক্ৰিয় কৰ্মী জামুগুৰিহাটৰ বলদেৱ শইকীয়ালৈ 2020 বৰ্ষৰ গিয়াছউদ্দিন আহমেদ স্মাৰক বঁটা প্ৰদান কৰা হয় ৷ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে প্ৰদান কৰা হয় এই বঁটা ৷

2020 Gaisuddin Ahmed Award Goes to Baldev saikia
বিশিষ্ট নাট্যশিল্পী বলদেৱ শইকীয়ালৈ 2020 বৰ্ষৰ গিয়াছউদ্দিন আহমেদ বঁটা

চতিয়া, 14 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে শুকুৰবাৰে বিশিষ্ট নাট্যশিল্পী,ভ্ৰাম্যমাণ থিয়েটাৰৰ এসময়ৰ বলিষ্ঠ অভিনেতা,অসম আন্দোলনৰ সক্ৰিয় কৰ্মী জামুগুৰিহাটৰ বলদেৱ শইকীয়ালৈ 2020 বৰ্ষৰ গিয়াছউদ্দিন আহমেদ স্মাৰক বঁটা প্ৰদান কৰা হয় ৷ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে প্ৰদান কৰা হয় এই বঁটা ৷ নটসূৰ্য ফণী শৰ্মা নাট সমাৰোহ উদযাপন সমিতিয়ে প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক গিয়াছউদ্দিন আহমেদৰ সোঁৱৰণিত প্ৰদান কৰা এই বঁটা এইবেলি বিশিষ্ট নাট্যশিল্পী গৰাকীক ক’ভিড আতংকৰ বাবেই অনুষ্টুপীয়াকৈ জামুগুৰিহাটৰ বাপুজী ভৱনত সম্পূৰ্ণ চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰি শুক্ৰবাৰে প্ৰদান কৰা হয় ৷

বিশিষ্ট নাট্যশিল্পী বলদেৱ শইকীয়ালৈ প্ৰদান কৰা এই বঁটাত আছে শৰাই,জাপি,প্ৰশস্তি পত্ৰ,স্মাৰক আৰু 25 হাজাৰ টকাৰ আৰ্থিক অনুদান ৷ শুকুৰবাৰে অনুষ্ঠিত হোৱা এই বঁটা প্ৰদান অনুষ্ঠানত নটসূৰ্য ফণী শৰ্মা নাট সমাৰোহ উদযাপন সমিতিৰ উপ-সভাপতি তথা বিশিষ্ট অভিনেতা উপকুল বৰদলৈ,সু-অভিনেতা তথা নাট্যকাৰ চম্পক শৰ্মা,অভিনেতা মন্মথ বৰুৱা,অভিনেত্ৰী মনি বৰদলৈকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷ অসমৰ নাট্য আন্দোলনৰ অক্লান্ত সৈনিক তথা ভ্ৰাম্যমাণ নাট্য জগতৰ প্ৰবাদ পুৰুষ একেৰাহে নাট্যকাৰ,পৰিচালক অভিনেতা,এইগৰাকী প্ৰবীণ নাট্য শিল্পীক জীৱনৰ বিয়লী বেলাত চৰকাৰী বঁটাৰে স্বীকৃতি দি সন্মান দিয়াৰ বাবেও আহ্বান জনাইছিল জামুগুৰিহাটৰ শিল্পী সমাজে ৷ তাৰ মাজতেই এইবেলি বে-চৰকাৰী অনুষ্ঠান নটসূৰ্য ফণী শৰ্মা নাট সমাৰোহ উদযাপন সমিতিয়ে বিশিষ্ট নাট্যশিল্পী গৰাকীক প্ৰদান কৰা এই স্বীকৃতিয়ে জীৱনৰ বিয়লি বেলাত শিল্পী গৰাকীৰ লগতে জামুগুৰিয়া ৰাইজকো আনন্দিত কৰি তোলা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, শিল্পী পেঞ্চনপ্ৰাপ্ত প্ৰবীণ অভিনেতা গৰাকীয়ে বে-চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা ইতিমধ্যে মুনলাইত মিডিয়া বঁটা,অসম নাট্য সন্মিলন বঁটা,উগ্ৰ মেনা বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক : হোজাইত বাল্যবিবাহঃ আৰক্ষীৰ সহযোগত উদ্ধাৰ নাবালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.