তেজপুৰ, ২৮ আগষ্ট: মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ ৫ গৰাকী বিধায়কে মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া এদিনীয়া দ্বাদশ বিধানসভাৰ চতুৰ্থ অধিবেশনৰ বিৰোধিতা কৰিব । কংগ্ৰেছৰ লগতে শাসনত থকা দুইগৰাকী বিজেপিৰ মন্ত্ৰী আৰু কুকি আৰু জেডি (ইউ) বিধায়কে এই বিধানসভা অধিবেশনৰ বিৰোধিতা কৰিব বুলি সদৰী কৰিছে মণিপুৰ কংগ্ৰেছৰ সভাপতি কেইশ্যাম মেঘাচন্দ্ৰ সিঙে ।
ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগত হোৱা এক টেলিফোনিক বার্তাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৩২ নং ৱাংখেম বিধানসভা সমষ্টিৰ বিধায়ক কেইশ্যাম মেঘাচন্দ্ৰ সিঙে এই বিধানসভা অধিবেশন সম্পূৰ্ণ অ-গণতান্ত্ৰিক বুলি উল্লেখ কৰে। তেওঁ কয়, সাধাৰণতে বিধানসভা অধিবেশন আৰম্ভ হোৱাৰ ১৫ দিন আগতে এক বিশেষ জাননী দিয়া হয় ৷ কিন্তু এইবাৰ মাত্ৰ ৫ দিন পূৰ্বে বিধানসভা অধিবেশনৰ নিৰ্দেশ জাৰি কৰা হৈছে আৰু এই নিৰ্দেশত এই অধিবেশন জৰুৰীকালীন নে বিশেষ বা সাধাৰণ অধিবেশন সেয়া উল্লেখ কৰা হোৱা নাই ।
বিজেপিৰ চৰকাৰে গণতন্ত্ৰৰ হত্যা কৰিছে আৰু হিংসা জৰ্জৰিত মণিপুৰৰ জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে বুলি তেওঁ দাবী কৰি ইতিমধ্যে কংগ্ৰেছ দলৰ বিধায়কে চি এল পিৰ নেতৃত্বত এখন ব্যক্তিগত প্ৰস্তাৱ অধ্যক্ষলৈ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে । শাসনাধিষ্ঠ এন বীৰেন সিঙৰ বিজেপি দলৰ চৰকাৰে গণতন্ত্ৰক উপহাস কৰিছে আৰু মণিপুৰত সাংবিধানিক সুৰক্ষা পতনৰ আন এক প্ৰমাণ বুলি তেওঁ অভিহিত কৰে ।
উল্লেখ্য যে, যোৱা ৩ মে' ৰ পৰা হোৱা মণিপুৰ গোষ্ঠীগত হিংসাত ১৫০ জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে লাখৰো অধিক লোক গৃহহীন হয় ।মণিপুৰৰ ৫ গৰাকী বিজেপিৰ বিধায়ক, ২ জন মন্ত্ৰী আৰু ৩ কুকি বিধায়কে এই বিধানসভা অধিবেশনৰ বিৰোধিতা কৰিছে ৷ ইফালে কংগ্ৰেছ দলৰ ৫ বিধায়কৰ লগতে জনতা দল ইউনাইটেডৰ একমাত্ৰ বিধায়কজনেও বিধানসভাৰ এই অধিবেশনৰ বিৰোধিতা কৰিছে ৷ আনহাতে বৰ্তমান নৱগঠিত বিৰোধী ইণ্ডিয়াৰ ৯ টা ৰাজনৈতিক দলৰ ভিতৰত মণিপুৰত থকা গোটসমূহে কংগ্ৰেছৰ এই প্ৰস্তাৱক সমৰ্থন কৰিব বুলি তেওঁ জনায় ।
আনহাতে হিংসা জৰ্জৰিত মণিপুৰত তিনি মাহৰ পিছত অনুষ্ঠিত হ‘বলগীয়া এই বিধানসভা অধিবেশনত মণিপুৰৰ সাধাৰণ লোকৰ বাবে চিন্তা কৰা হোৱা নাই নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তত মেঘাচন্দ্ৰই কয় যে মণিপুৰৰ শান্তি শৃংখলা ঘূৰি অহাৰ বিষয়ে সকলোৱে চিন্তা কৰে কিন্ত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সমস্যাসমূহৰ সমাধান হ’ব লাগে।
লগতে পঢ়ক: Manipur violence: মণিপুৰত থকা অনুপ্ৰৱেশকাৰীয়ে সৃষ্টি কৰিছে মণিপুৰ সংঘাতৰ !