ETV Bharat / state

Captain Jintu Gogoi Bir Chakra Football Tournament: দুলীয়াজানৰ আৰম্ভ ১৮ সংখ্যক বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা - অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য কাৰ্যবাহী

ডিব্ৰুগড়ৰ দুলীয়াজানৰ নেহৰু ময়দানত আজিৰে পৰা আৰম্ভ হৈছে ১৮ সংখ্যক বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ ৷ প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান উপস্থিত থাকে কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union Minister Sarbananda Sonowal) ৷

Vir Chakra Memorial Football tournament
দুলীয়াজানৰ আৰম্ভ ১৮ সংখ্যক বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ
author img

By

Published : Feb 15, 2023, 11:00 PM IST

Updated : Feb 16, 2023, 8:06 PM IST

তেজপুৰ, ১৫ ফেব্ৰুৱাৰী : স্পিয়াৰ কৰ্পছৰ তত্বাৱধানত দুলীয়াজান অইল ইণ্ডিয়া লিমিটেড আৰু অসম চৰকাৰৰ সহযোগত ডিব্ৰুগড়ৰ দুলীয়াজানৰ নেহৰু ময়দানত আজিৰে পৰা আৰম্ভ হয় ১৮ সংখ্যক বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ (Vir Chakra Memorial Football tournament) ৷ কাৰ্গিল যুদ্ধৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ স্মৃতিত আয়োজন কৰা এই প্ৰতিযোগিতাখনৰ ৷

আজি দুলিয়াজানত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠান উপস্থিত থাকে কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union Minister Sarbananda Sonowal), সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতা, জিঅ'চি-ইন-চি, ইষ্টাৰ্ণ কমাণ্ড আৰু কৰেজিয়াছ হানী ফ্লায়িং অফিচাৰ থগিৰাম গগৈ (Courageous Honey Flying Officer Thogiram Gogoi) ।

ইয়াৰ উপৰি উদ্ধোধনী অনুষ্ঠানত জিঅ’চি স্পিয়াৰ কৰ্পছৰ লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰী, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী, অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য কাৰ্যবাহী প্ৰশান্ত বৰকাকতি আৰু অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকে ।

অনুষ্ঠানত ভাষণ দি সেনা অধিনায়কগৰাকীয়ে চেন্নাইৰ অফিচাৰ ট্ৰেইনিং একাডেমীত কেপ্তেইন জিন্টু গগৈ ভিআৰচিৰ প্ৰশিক্ষক হৈ থকাৰ সময়ত তেওঁৰ সৈতে হোৱা ব্যক্তিগত সাক্ষাতকাৰৰ বিষয়ে উল্লেখ কৰে । ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতীয় সেনা আৰু অইল ইণ্ডিয়া লিমিটেডে ইমান বৃহৎ পৰিসৰত অনুষ্ঠানটো আয়োজন কৰাৰ বাবে অভিনন্দন জনায় । তেওঁ ভাষণ প্ৰসংগত এনেধৰণৰ অনুষ্ঠানে অসমৰ যুৱক-যুৱতীসকলক ক্ৰীড়াক্ষেত্ৰৰ প্ৰতি আকৰ্ষিত হোৱাৰ লগতে তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ সুযোগ প্ৰদান কৰিব বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, ১৮ সংখ্যক বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাখনত ২২ ফেব্ৰুৱাৰীত সামৰণি পৰিব(Captain Jintu Gogoi Bir Chakra Football Tournament) ৷ প্ৰতিযোগিতাখনৰ খেলসমূহ দুলীয়াজান, ডিব্ৰুগড়, তিনিচুকীয়া আৰু ডিগবৈত অনুষ্ঠিত হ’ব ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ ২৪টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।

উল্লেখযোগ্য যে ১৯৭০ চনত জন্মগ্ৰহণ কৰা কেপ্তেইন জিন্টু গগৈয়ে ১৯৯৯ চনত কাৰ্গিল যুদ্ধত প্ৰাণ বিসৰ্জন দিছিল । জিণ্টু গগৈ ১৭ নং গাড়ৱাল ৰাইফলছৰ কেপ্টেইন আছিল । কাৰ্গিল যুদ্ধত বাটালিক ছেক্টৰৰ জুবাৰ কমপ্লেক্সৰ কালাপাথৰ ৰিঝ লাইনত ১৯৯৯ চনৰ ৩০ জুনত দায়িত্ব পালন কৰি থকাৰ সময়তে তেওঁ শ্বহীদ হয় । মাত্ৰ ২৯ বছৰ বয়সতে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিয়া এইগৰাকী বীৰ শ্বহীদক শ্ৰদ্ধা জনাই ভাৰতীয় সেনা বাহিনীয়ে প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে এই প্ৰতিযোগিতা ।

লগতে পঢ়ক: All India Muay Thai Cup 2023: মুৱাই থাই খেলত উজলিল গোলাঘাটৰ খেলুৱৈ

Last Updated : Feb 16, 2023, 8:06 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.