ETV Bharat / state

ENNG cadre surrendered: কণ্টকাকীৰ্ণ পথ এৰি মূল সুঁতিলৈ উভতিল ENNGৰ 15 কেডাৰ - ENNG cadre laid down arms

অৰণ্য এৰি মূলসুঁতিলৈ উভতিল নগা বিদ্ৰোহী গোট ENNGৰ সদস্যই ৷ দেওবাৰে ইটানগৰত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপস্থিতিত আত্মসমৰ্পণ কৰিলে ENNGৰ এটা 15 জনীয়া দলে (ENNG cadre surrendered in Arunachal) ৷ লগতে জমা দিলে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ৷

ENNG cadre surrendered
কণ্টকাকীৰ্ণ পথ এৰি মূল সুঁতিলৈ উভতিল ENNGৰ 15 কেডাৰ
author img

By

Published : Mar 12, 2023, 7:18 PM IST

কণ্টকাকীৰ্ণ পথ এৰি মূল সুঁতিলৈ উভতিল ENNGৰ 15 কেডাৰ

তেজপুৰ, 12 মাৰ্চ: কণ্টকময় পথ আৰু অস্ত্ৰ এৰি মূলসুঁতিলৈ উভতিল নগা বিদ্ৰোহী গোট Eastern Naga National Government (ENNG)ৰ সদস্য ৷ দেওবাৰে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত আত্মসমৰ্পণ কৰিলে ENNGৰ 15জন সদস্যই (ENNG cadre surrendered in Arunachal) ৷ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ (CM Pema Khandu) উপস্থিতিত অনুষ্ঠিত হয় এই আত্মসমৰ্পণ অনুষ্ঠান ৷

দেওবাৰৰ এই আত্মসমৰ্পণ অনুষ্ঠানত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে উপস্থিত থাকে অসম ৰাইফলছৰ মেজৰ জেনেৰেল বিকাশ লখেৰা ৷ উল্লেখ্য যে, পূব অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ, চাংলাং জিলাৰ অন্তৰ্গত নগা বিদ্ৰোহী গোট ENNG ৰ সভাপতিসহ আত্মসমৰ্পণ কৰা 15 সদস্যই জমা দিয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ৷

আত্মসমৰ্পণ অনুষ্ঠানত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ভাষণ প্ৰসংগত কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তৎপৰতাত বিগত 9 বছৰত উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনৰ সদস্যসকল মূলসুঁতিলৈ উভতি আহিছে আৰু ই অতি শুভ লক্ষণ ৷ অস্ত্ৰ সম্বৰণ কৰা এই লোকসকলৰ বাবে চৰকাৰে নতুন পৰিকল্পনাৰ কথা চিন্তা কৰিব (Surrender ceremony in Itanagar) ৷’’

নগা বিদ্ৰোহী গোট ENNG ৰ কেডাৰৰ আত্মসমৰ্পণে অঞ্চলটোৰ আন কেডাৰসকলক মূলসুঁতিত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰিব আৰু হিংসা পৰিহাৰ কৰি এক সন্মানীয় জীৱন-যাপন কৰিব পাৰিব বুলিও দেওবাৰৰ অনুষ্ঠানত এক লিখিত বিবৃতিযোগে কোৱা হয় ৷ অসম ৰাইফলছে উগ্ৰপন্থী গোটটোৰ সদস্যসকলক অস্ত্ৰ সম্বৰণৰ কৰিবৰ বাবে নিৰন্তৰভাৱে অনুৰোধ কৰি আহিছিল বুলিও বিবৃতিটোত কোৱা হয় (ENNG cadre laid down arms) ৷

উল্লেখ্য যে, ফেব্ৰুৱাৰী মাহত অৰুণাচলৰ চাংলাং জিলাত আৰক্ষী আৰু অসম ৰাইফলছে অভিযান চলাই ENNGৰ এটা শিবিৰ অগ্নিসংযোগ কৰি ধ্বংস কৰাৰ লগতে এটা AK-47, এটা M-16 ৰাইফল, গ্ৰেণেড, সক্ৰিয় গুলী আৰু লাইটাৰ জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ অৱশ্যে এই অভিযানৰ সময়ত শিবিৰটোত থকা 5 ENNG কেডাৰ পলাই যাবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক: AWWA exhibition: তেজপুৰত আৰ্মী ৱাইভ ৱেলফাৰ এছচিয়েচনৰ প্ৰদৰ্শনী অনুষ্ঠা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.