শিৱসাগৰ, 8 জুনঃ নীতি নিৰ্দেশনাৰ মাজেৰে ৭৫ দিনৰ অন্তত মুকলি কৰা হ'ল শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ দুৱাৰ ৷ দুমাহৰো অধিক দিন বন্ধ হৈ থকা শিৱদৌলৰ দ্বাৰ আজি ভক্তৰ বাবে মুকলি কৰি দিয়া হয় । ইতিমধ্যে শিৱদৌলৰ প্ৰাংগণত থাৰ্মেল স্কেনাৰ,হাত ধোৱা,মাস্ক পিন্ধা,ছেনিটাইজাৰ আদি বাধ্যতামূলক কৰাৰ লগতে সময়ৰ মূৰে মূৰে শিৱদৌল চৌহদ ছেনিটাইজ কৰা হৈছে।
উল্লেখ্য যে,শিৱদৌলত পূজা আগবঢ়োৱা সকলো লোকৰ নাম আৰু যোগাযোগ নম্বৰো ৰখা হৈছে । সেইদৰে শিৱদৌলৰ গৰ্ভগৃহটো সকলো সুৰক্ষা ব্যৱস্থাৰ মাজেৰে ভক্তসকলক পূজা কৰা আৰু নিৰ্মালি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আজি দুমাহৰ অধিক বিৰতিৰ মূৰত শিৱদৌল মুকলি হোৱাৰ পাছত বহু ভক্তই বাবাৰ চৰণত সেৱা লোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়কঃ ছেৱা নৈত পৰি এজনৰ সলিল সমাধি