ETV Bharat / state

অৰুণোদয় আঁচনিত ব্যাপক অনিয়মৰ অভিযোগেৰে পথলৈ ওলাই আহিল মহিলা - alleging irregularities in Arunodoi scheme

ৰাজ্যত অৰুণোদয় মাহ চলি থকাৰ সময়তে অৰুণোদয় আঁচনিত ব্যাপক বিসংগতি আৰু অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ আমগুৰি সমষ্টিত সংঘটিত হৈছে এই ঘটনা ৷ অৰুণোদয় আঁচনিত একাংশ দৰিদ্ৰ মহিলাৰ নাম থকা স্বতেও লাভ কৰা নাই ৰাজ্য চৰকাৰৰ এই আচঁনি (Irregularities in Arunodoi scheme) ৷ এই অভিযোগ আমগুৰি অঞ্চলৰ একাংশ ভুক্তভোগী মহিলাৰ ৷

Women protest against not receiving Arunodaya scheme funds in Amguri
অৰুণোদয় আঁচনিত ব্যাপক অনিয়ম সংঘটিত অভিযোগ
author img

By

Published : Aug 24, 2022, 1:56 PM IST

আমগুৰি, 24 আগষ্ট: ৰাজ্যত আৰম্ভ হৈছে অৰুণোদয় মাহ (Arunodaya month started in Assam)। অৰুণোদয় আঁচনিৰ জৰিয়তে আৰ্থিক ভাৱে পিছপৰা মহিলাসকলক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে হাতত লৈছে এই আচঁনি ৷ কিন্তু প্ৰকৃততে মহিলাসকলে লাভ কৰিছে নে অৰুণোদয় আঁচনি ? সেয়া এক বৃহৎ প্ৰশ্ন ৷

কিয়নো ৰাজ্যত অৰুণোদয় মাহ চলি থকাৰ সময়তে অৰুণোদয় আঁচনিত ব্যাপক বিসংগতি আৰু অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে (Irregularities in Arunodoi scheme) ৷ আমগুৰি সমষ্টিত সংঘটিত হৈছে এই ঘটনা ৷ অৰুণোদয় আঁচনিত একাংশ দৰিদ্ৰ মহিলাৰ নাম থকা স্বতেও লাভ কৰা নাই ৰাজ্য চৰকাৰৰ এই আচঁনি (Women took to streets alleging irregularities in Arunodoi scheme) ৷ এই অভিযোগ আমাৰ নহয়, এই অভিযোগ আমগুৰি অঞ্চলৰ একাংশ ভুক্তভোগী মহিলাৰ ৷

অৰুণোদয় আঁচনিত ব্যাপক অনিয়ম সংঘটিত অভিযোগ

সেয়েহে, আমগুৰিৰ নামতি আলি পঞ্চায়তৰ অন্তৰ্গত জোলা গাঁৱৰ একাংশ ক্ষুব্ধ মহিলাই ন্যায্য প্ৰাপ্তিৰ দাবীত আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ শীঘ্ৰে বঞ্চিত মহিলাসকলক অৰুণোদয় আঁচনিৰ ধন মোকলাই দিবলৈ আহ্বান জনাইছে ভুক্তভোগী মহিলাসকলে । হিতাধিকাৰীৰ ঘৰে ঘৰে নিৰীক্ষণ কৰিবলৈ অহা পিছতে পোহৰলৈ আহে এই তথ্য ৷

Women protest against not receiving Arunodaya scheme funds in Amguri
অৰুণোদয় আঁচনিত ব্যাপক অনিয়ম সংঘটিত অভিযোগ

এতিয়া প্ৰশ্ন হয়, অৰুণোদয় আঁচনিৰ ধন লাভ নকৰাকৈয়ে কিদৰে তালিকাত জোলা গাঁৱৰ একাংশ মহিলাৰ নাম অন্তভুক্ত হ’ল ? এই লৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ হস্তক্ষেপ বিচাৰিছে ভুক্তভোগী হিতাধিকাৰী মহিলাসকলে ৷

লগতে পঢ়ক: সাতদফীয়া দাবীৰে ডিব্ৰুগড়ত আমছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.