ETV Bharat / state

শিৱসাগৰত পথ নিৰ্মাণৰ দাবীত মহিলাৰ পথ অৱৰোধ - Women staged a strike in Sibsagar

শিৱসাগৰৰ নাজিৰা-গেলেকী সংযোগী গড়কাপ্তানি পথৰ বিধ্বস্ত অৱস্থাত অতিষ্ঠ ৰাইজ ৷ পথ পুনৰ নিৰ্মাণৰ দাবীত পথ অৱৰোধ কাৰ্যসূচীৰ নেতত্ব ল'লে মহিলাই ৷

পথ পুনঃনিৰ্মাণৰ দাবীত মহিলাৰ পথ অৱৰোধ
author img

By

Published : Oct 10, 2019, 9:47 PM IST

শিৱসাগৰ,10 অক্টোবৰঃ শিৱসাগৰৰ এটি অত্যন্ত গুৰুত্বপূ্ৰ্ণ তথা সদা ব্যস্ত গড়কাপ্তানি পথ হৈছে নাজিৰা-গেলেকী সংযোগী গড়কাপ্তানি পথ । উক্ত পথটোৱেই হৈছে তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেড চমুকৈ "অ এন জি চি"ৰ বাবে শিৱসাগৰৰ বিভিন্ন তৈলক্ষেত্ৰৰ পৰা অসমৰ ভিতৰতে অধিক খাৰুৱা তেল খনন কৰা স্থল গেলেকী তৈলক্ষেত্ৰলৈ যোৱা একমাত্ৰ যোগাযোগ তথা পৰিবহণ পথ ৷ কিন্তু পৰিতাপৰ বিষয় এই যে তেল গেছ নিগমে কৰ্পৰেট সামাজিক দায়বদ্ধতা শিতানত ধাৰ্য্য কৰা পুঁজিৰ বিভাগীয় কৰ্তৃৰ্পক্ষৰ দ্বাৰা সঠিক মূল্যাংকন নোহোৱাৰ বাবেই হওক বা ৰাজ্যিক গড়কাপ্তানি বিভাগৰ চূড়ান্ত হেমাহি তথা অকৰ্মণ্যতাৰ বাবেই হওঁক দীৰ্ঘদিনধৰি উপযুক্ত মেৰামতিৰ অভাৱত সাম্প্ৰতিক পথটো যাত্ৰীৰ বাবে একপ্ৰকাৰৰ মৰণফান্দলৈ পৰিণত হৈছে । পথটোৰ ওপৰেদি বিহুবৰ,বৰশিল আদি অঞ্চলৰ শিলৰ কোৱাৰীৰ পৰা অহৰহ শিল কঢ়িওৱা ডাম্পাৰ আৰু তেল গেছ নিগমৰ বৃহৎ আয়তন তথা ওজনৰ বাহন যেনে টৱিং ভেন, ফকলেণ্ড, টেলাৰ আদিৰ ব্যাপক যাতায়তে পথটো যাতায়তৰ বাবে প্ৰতিকূল কৰি তুলিছে ৷ দীৰ্ঘদিন ধৰি বাৰম্বাৰ নিগম কৰ্তৃপক্ষ তথা গড়কাপ্তানি বিভাগক স্থানীয় সচেতন ৰাইজে পথ নিৰ্মাণৰ দাবী জনাই অহাৰ পিছতো পথটো নিৰ্মাণ কৰাত কোনো সঁহাৰি প্ৰদৰ্শন নকৰাত বৃহস্পতিবাৰে ভুক্তভোগী লোকসকলে পথ অৱৰোধৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হয় ৷ নাজিৰাৰ পৰা মেকিপুৰ হৈ গেলেকীলৈ যোৱা পথৰটোৰ হাতীপটিত আৰু দেওপানীত ৰাইজে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ।

পথ পুনঃনিৰ্মাণৰ দাবীত মহিলাৰ পথ অৱৰোধ

বহু শতাধিক স্থানীয় লোক ওলাই আহি ১২ ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী হাতত লোৱৰ লগতে গড়কাপ্তানি বিভাগ মুৰ্দাবাদ,অসম চৰকাৰ হায় হায়,পথ শীঘ্ৰে মেৰামতি কৰক শ্লোগানেৰে ৰাজপথ কঁপাই তোলে । উল্লেখ্য যে উক্ত প্ৰতিবাদ কাৰ্যসূচীত শতাধিক স্থানীয় মহিলাই অংশগ্ৰহণ কৰাৰ বিপৰীতে মূল প্ৰতিবাদৰ নেতৃত্বও প্ৰদান কৰে ৷

Intro:Body:Nabul Konwar Date- 10/10/2019
Nazira, ASSAM

নাজিৰা, ১০ অক্টোবৰ- পুৱাই ৰাজপথত সাধাৰণ জনতা৷ বিধস্ত পথ পুনঃ নিৰ্মাণৰ দাবীত পুৱা পাঁচ বজাৰ পৰাই পথ অৱৰোধ কৰিবলৈ আহিল মহিলাও৷ শিৱসাগৰ জিলাৰ এটা ব্যস্ততাপূৰ্ণ পথ হল নাজিৰা গেলেকী সংযোগী গড়কাপ্তানি পথ। ONGC অধিক উৎপাদন ক্ষম গেলেকী তৈলক্ষেত্ৰলৈ যোৱা এইটোৱেই একমাত্ৰ পথ৷ মেৰামতিৰ অভাৱত এতিয়া পথটো মৰণফান্দলৈ পৰিণত হৈছে।পথৰ অধিকাংশতে প্ৰকাণ্ড প্ৰকাণ্ড দ গাঁতৰ সৃষ্টি হোৱাত যাতায়তৰ একেবাৰে অনুপযোগী হৈ পৰাত অতিস্থ হৈ বৃহস্পতিবাৰে পথ অৱৰোধ কৰিবলৈ ৰাজপথলৈ ওলাই আহিল সাধাৰণ জনতা। নাজিৰাৰ পৰা মেকিপুৰ হৈ গেলেকীলৈ যোৱা পথৰ হাতীপটিত আৰু দেওপানীত সাধাৰণ জনতাই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। বহু শতাধিক স্থানীয় লোক ওলাই আহি ১২ ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী হাতত লোৱৰ লগতে গড়কাপ্তানি বিভাগ মুৰ্দাবাদ,অসম চৰকাৰ হায় হায়,পথ শীঘ্ৰে মেৰামতি কৰক শ্লোগানেৰে ৰাজপথ কঁপাই তোলে। গড়কাপ্তানী বিভাগ আৰু ONGC কৰ্তৃপক্ষক বাৰংবাৰ পথ নিৰ্মাণৰ দাবী জনাই অহাৰ পিছতো পথটো নিৰ্মাণ নকৰাত পথ অৱৰোধ কাৰ্যসূচী হাতত লবলৈ বাধ্য হয় ভুক্তভোগী লোক সকল৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.