ETV Bharat / state

কেনে অৱস্থাত আছে দেশৰ প্ৰথমখন চিৰিয়াখানা ?

তেৰশ শতিকাত অসমলৈ আহি 600 বছৰীয়া শাসন স্থাপন কৰা আহোম সকলে ৰংপুৰকত নিৰ্মাণ কৰিছিল দেশৰ প্ৰথমখন চিৰিয়াখানা পহুগড় ৷ স্বৰ্গদেউ ৰুদ্ৰসিংহই স্থাপন কৰা শতিকা পুৰণি চিৰিয়াখানা খনৰ ইতিহাস সম্প্ৰতি ধূসৰিত ৷

দেশৰ প্ৰথমখন চিৰিয়াখানা
দেশৰ প্ৰথমখন চিৰিয়াখানা
author img

By

Published : Sep 14, 2020, 6:42 PM IST

শিৱসাগৰ, 14 ছেপ্তেম্বৰ: আহোম ৰাজত্বৰ ঐতিহ্যৰ প্ৰতীক শিৱসাগৰ ৷ তেৰশ শতিকাত অসমলৈ আহি 600 বছৰীয়া শাসন স্থাপন কৰা আহোম সকলৰ বহু শৌৰ্য-বীৰ্যৰ চানেকী বহন কৰি আহিছে শিৱসাগৰে ৷ আহোম শাসন কালতে কলা, সাহিত্য-সংস্কৃতি, নৃত্য-গীত, খেল-ধেমালি আদিয়ে বহুল চৰ্চা লাভ কৰিছিল ৷ ইয়াৰোপৰি নানা জীৱ-জন্তুৰ খেল স্বৰ্গদেউ সকলৰ মাজত হৈ পৰিছিল জনপ্ৰিয় ৷ সেয়েহে নানা ধৰণৰ জন্তু সংৰক্ষণ কৰি ৰখাৰ স্বাৰ্থত আহোম ৰাজত্বকালত তাহানিৰ ৰংপুৰত স্থাপন কৰা হৈছিল দেশৰ ভিতৰতে প্ৰথমখন চিৰিয়াখানা ৷ যাৰ নাম আছিল পহুগড় চিৰিয়াখানা ৷

আহোম ৰাজত্বৰ ঐতিহ্যৰ প্ৰতীক শিৱসাগৰ
আহোম ৰাজত্বৰ ঐতিহ্যৰ প্ৰতীক শিৱসাগৰ

ৰংপুৰ নগৰৰ চাৰিওকাষে গড় নিৰ্মাণ কৰি ভিন্ন জীৱ-জন্তু ৰখাৰ ব্যৱস্থা কৰা হৈছিল পহুগড় চিৰিয়াখানাত ৷ বিভিন্ন ঠাইৰ পৰা আমদানি কৰা জীৱ-জন্তুৰ লগতে থলুৱাভাৱে কৰায়ত্ব কৰা জন্তুসমূহ ৰাখিবৰ বাবে ৰুদ্ৰসাগৰৰ মানকটা আলিৰ পৰা কিছু নিলগত নিৰ্মাণ কৰা হৈছিল চিৰিয়াখানাটো ৷ য'ত ২৪ টা গড় মাৰি, মাজত বৃহৎ বৃহৎ খাৱৈ খান্দি জন্তুবোৰ ৰখা হৈছিল ৷ দেশৰ প্ৰথমখন চিৰিয়াখানা এতিয়া অস্তিত্বৰ সংকটত ৷ স্বৰ্গদেউ ৰুদ্ৰসিংহই স্থাপন কৰা শতিকা পুৰণি চিৰিয়াখানা খনৰ ইতিহাস আজি ধূসৰিত ৷

কেনে অৱস্থাত আছে দেশৰ প্ৰথমখন চিৰিয়াখানা ?

শতিকা পুৰণি চিৰিয়াখানাটোৰ ইতিহাসক লৈ যেন আজিৰ দিনত কোনো সজাগ নহয় ৷ চিৰিয়াখানাৰ অস্তিত্ব পুনৰ প্ৰতিষ্ঠা কৰিব নোৱাৰিলেও ইয়াৰ লগত জড়িত স্বৰ্ণিল ইতিহাস সোঁৱৰণ কৰাটো উচিত বুলি উল্লেখ কৰে সচেতন নাগৰিকে । আজিৰ দিনত অঞ্চলটোৰ সংৰক্ষণ, সংবৰ্ধন,উন্নয়ন আদি দিশটোত গুৰুত্ব আৰোপ কৰাটো অতি জৰুৰী হৈ পৰিছে । বাৰিষা বোকাত পোত যোৱা বাট-পথ,অসাধু লোকৰ বেদখল,বিনা বাধাই চৰাই নিধনৰ লগতে মৎস্য চিকাৰ আদিয়ে পহুগড়ৰ পৰিচয় ম্লান কৰিছে ।

দেশৰ প্ৰথমখন চিৰিয়াখানাৰ সাম্প্ৰতিক অৱস্থা

শিৱসাগৰ জিলাৰ তদানীন্তন উপায়ুক্ত এম.এছ.লক্ষ্মীপ্ৰিয়াই এই দিশত কিছু পদক্ষেপ গ্ৰহণ কৰি অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন আৰু সুৰক্ষাৰ প্ৰতি চেষ্টা কৰিছিল যদিও, বৰ্তমানে সেই প্ৰয়াসো ফোটোকাৰ ফেনত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ সচেতন নাগৰিকে সম্প্ৰতি পৰিৱৰ্তনকামী চৰকাৰ খনক শিৱসাগৰৰ সৰ্বাংগীন উন্নয়নৰ লগতে পহুগড়কো মান্যতা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ৷ অন্যথা ঐতিহাসিক পহুগড় মানুহৰ মুখত কেৱল সাধুৰ দৰেহে প্ৰচলিত হৈ থাকিব বুলি শংকা প্ৰকাশ কৰে তেওঁলোকে ৷

লগতে পঢ়ক: ধ্বংসৰ গৰাহত আহোম ৰজাদিনীয়া কীৰ্তিচিহ্ন বাসুদেৱ দৌল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.