ETV Bharat / state

সংকটত ৰাজ্যৰ বয়ন শিল্পঃ সমস্যাত শিপিনী

কৰ'ণা ভাইৰাছৰ বাবে সমস্যাত পৰিছে ৰাজ্যৰ বয়ন শিল্প ৷ বন্ধ হোৱাৰ দিশে বহুকেইটা বয়ন শিল্প ৷ ৰাজ্য চৰকাৰলৈ আহ্বান এই শিল্পক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহক আৰু সহায় কৰক শিপিনীসকলক ৷

author img

By

Published : Jul 30, 2020, 8:23 PM IST

Updated : Jul 31, 2020, 2:05 PM IST

WEAVING_INDUSTRY_PROBLEM
সংকটত ৰাজ্যৰ বয়ন শিল্প:সমস্যাত শিপিনী

শিৱসাগৰ,30জুলাই: ক'ৰণা ভাইৰাছৰ আতংকই সলনি কৰিছে সমগ্ৰ বিশ্বৰ পৰিৱেশ-পৰিস্থিতি । বিভিন্ন দিশ,সমাজ,পৰিৱেশ আদিত ব্যাপক পৰিৱৰ্তন দেখা গৈছে । ইয়াৰ লগতে ক্ৰমে মৃত্যুৰ মুখলৈ গতি কৰিছে একাংশ ক্ষুদ্ৰ উদ্যোগ।বিশেষকৈ মহিলাৰ দ্বাৰা পৰিচালিত হোৱা বয়ন উদ্যোগে ককবকাবলৈ ধৰিছে। ক্ৰমে বন্ধ হোৱাৰ দিশলৈ আগবাঢ়িছে এই সমূহ উদ্যোগ । বিশেষকৈ মহিলাৰ দ্বাৰা পৰিচালিত হোৱা বয়ন উদ্যোগসমূহতো ইয়াৰ প্ৰভাৱ বাৰুকৈয়ো পৰিছে ৷ যাৰ বাবে এতিয়া সামাজিক মধ্যমত ক্ষুদ্ৰ উদ্যোগীয়ে বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা অলপ সহায় ৷

সংকটত ৰাজ্যৰ বয়ন শিল্পঃ সমস্যাত শিপিনী

শিৱসাগৰ জিলাৰ বন্দনা কৌশিক বৰদলৈ নামৰ মহিলাগৰাকীয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত স্থাপন কৰিছিলে এক ক্ষুদ্ৰ বয়ন উদ্যোগ ৷ কিন্তু মাৰ্চ মাহৰ পৰা হোৱা লক ডাউন,সামাজিক দূৰত্ব,চৰকাৰী নীতি-নিয়মে উদ্যোগটোক লৈ গৈছে ধ্বংসৰ পথলৈ ৷ এসময়ত মাকোৰ খিটখিটনিত ৰজনজনাই থকা,শিপিনীৰ হাতৰ পৰশত সপোনে পোখা মেলা শালসমূহ এতিয়া স্তব্ধ ৷ এক নতুন আশাৰ সঞ্চাৰ ৰচা শিপিনীবোৰ আজি চিন্তিত এমুঠি আহাৰৰ বাবে ৷

অন্য এক খবৰৰ বাবে: কৰ'ণা ত্ৰাসৰ মাজত কেনেদেৰে চলিছে ঈদ-উজ-জোহাৰ প্ৰস্তুতি?

বয়ন শিল্পৰ উদ্যোগ হিচাপে আন এক খ্যাত শিৱসাগৰৰ যোগা বয়ন উদ্যোগ । এসময়ত ৪০ খন শাল আৰু প্ৰায় 50 গৰাকী মহিলাই কাম কৰা শালখনত এতিয়া মৃত্যু সদৃশ নিস্তব্ধতা । শাললৈ আহিব নোৱাৰা হল শিপিনীসকল,উৎপাদনহো হ্ৰাস পাব ধৰিলে,বন্ধ হৈ পৰিল কেঁচা মালৰ যোগান ৷ এনে প্ৰতিকূল পৰিস্থিতিত ব্যৱসায় মন্দা হৈ পৰিল । এতিয়া মাত্ৰ 2/3 গৰাকী শিপিনীৰে চলিছে উদ্যোগটো ৷

Last Updated : Jul 31, 2020, 2:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.