আমগুৰি, 12 ডিচেম্বৰ : তেল আৰু প্ৰাকৃতিক গেছ নিগম আয়োগৰ অকৰ্মণ্যতাৰ ভয়ংকৰ ফল ভোগ কৰিছে শিৱসাগৰৰ একাংশ কৃষকে ৷ অভিযোগ অনুসৰি অ'ইলেই হওক বা অ'এনজিচিয়ে হওক তেওঁলোকৰ তৈলখাদসমূহ পৰা নিৰ্গত হোৱা পেলনীয়া তৈল্যজাত পদাৰ্থ সমূহে ব্যাপক হাৰত প্ৰদূষিত কৰিছে কৃষিভূমি (waste from oil mines are affecting farmlands) ৷ যাৰ ফলত শিৱসগাৰ জিলাৰ শলগুৰি অঞ্চলৰ কৃষক সকলে মূৰে-কপালে হাত দি'বলগীয়া হৈছে ৷
ভুক্তভোগী কৃষক সকলে সদৰী কৰা মতে, তৈলখাদৰ পৰা নিৰ্গত হোৱা পেলনীয়া পদাৰ্থ কৃষিভূমিৰ সৈতে মিহলি হোৱাৰ ফলত শলগুৰি অঞ্চলৰ ডিমৰুপথাৰত 40 ৰ পৰা 50 বিঘা কৃষিভূমি খেতিৰ বাবে অনুপযোগী হৈ পৰিছে (Farmland pollution in Dimoru pathar) ৷ শলগুৰি জটকীয়া অঞ্চলত থকা ONGC ৰ চাৰিআলি GGS ৰ পৰা নিৰ্গত হোৱা পেলনীয়া পদাৰ্থ পথাৰত প্ৰৱেশ কৰা ফলত বহু বিঘা কৃষিভূমি নষ্ট হৈ পৰিছে ৷
2015 চনৰ পৰা GGS টোৰ পৰা নিৰ্গত হোৱা পেলনীয়া পদাৰ্থ খেতি পথাৰত এৰি আহিছে ONGC কৰ্তৃপক্ষই ৷ এই পদাৰ্থই খেতিভূমি নষ্ট কৰাৰ কথা ONGC কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰা হৈছে যদিও এই পেলনীয়া পদাৰ্থবোৰ এৰি দিয়াৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰা নাই ONGC কৰ্তৃপক্ষই ৷ তদুপৰি নষ্ট হোৱা খেতি আৰু কৃষিভূমিৰ ক্ষতিপূৰণ বিচাৰি বহুবাৰ ক্ষতিগ্ৰস্ত কৃষকসকলে ONGC কৰ্তৃপক্ষক আবেদন জনাইছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই তৈল উৎপাদনকাৰী প্ৰতিষ্ঠানটোৱে ৷
উল্লেখ্য যে, প্ৰায় 100 টাতকৈও অধিক ভুক্তভোগী কৃষক পৰিয়ালে ডিমৰুপথাৰৰ সমস্যাৰ বিষয়ে শিৱসাগৰ জিলা প্ৰশাসনকো অৱগত কৰিছে ৷ কিন্তু অভিযোগৰ ভিত্তি আজিকোপতি জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে শলগুৰি কৃষক ৰাইজে ৷
ইফালে, কালুগাঁৱৰ সমীপৰ শিৱসাগৰ জিলাৰ ঐতিহাসিক জেৰেঙা পথাৰত ব্যাপক হাৰত উপদ্ৰৱ চলাইছে বনৰীয়া ৰাজহাঁহে(Wild swan nuisance in jerenga pathar) ৷ জেৰেঙাৰ হাজাৰ হাজাৰ কৃষিভূমিৰ শস্যৰ বনৰীয়া ৰাজহাঁহে খাই নষ্ট কৰা বুলি সদৰী কৰিছে একাংশ কৃষক ৰাইজে ৷ জানিবলৈ দিয়া মতে, জেৰেঙাই সোণালী বৰণ লওঁতেই শ শ বিঘা পকা ধাননীত উপদ্ৰৱ আৰম্ভ হয় বনৰীয়া ৰাজহাঁহৰ ৷
এটাও পতান বাকী নথকাকৈ জেৰেঙা পথাৰৰ শ শ বিঘা পকা ধাননী খাই তহিলং কৰিছে বনৰীয়া ৰাজহাঁহে ৷ ফলত এতিয়া হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে কৃষক ৰাইজৰ ৷ কৃষক সকলে সাংবাদিকৰ আগত কয়, জেৰেঙাৰ ওপৰতে নিৰ্ভৰ কৰে হাজাৰ হাজাৰ কৃষকৰ পৰিয়াল ৷ ল'ৰা-ছোৱালী পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি কৃষক পৰিয়ালৰ অৰ্থনীতি দিশটো এই জেৰেঙাৰ ওপৰতে নিৰ্ভৰ কৰে ৷
এনে ক্ষেত্ৰত উপায়হীন কৃষক ৰাইজে পৰিয়ালৰ পোহপালৰ লগতে ল'ৰা-ছোৱালী পঢ়া-শুনা ক্ষেত্ৰত সকাহ পোৱা কিছু সাহাৰ্যৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে জেৰেঙাৰ পথাৰৰ কৃষক ৰাইজে ৷
লগতে পঢ়ক: Cases filed Against the Police: আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ক্ষেত্রত শীর্ষত আছে অসম