ETV Bharat / state

স্বাধীনতা দিৱসক লৈ তৎপৰ শিৱসাগৰ জিলা প্ৰশাসন

author img

By

Published : Aug 10, 2020, 4:58 PM IST

শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে স্বাধীনতা দিৱসৰ বাবে লোৱা কেতবোৰ নীতি নিয়মৰ বিষয়ে উল্লেখ কৰিলে সংবাদ মাধ্যমযোগে ৷ শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্টুপীয়াকৈ উদযাপন কৰা হ'ব স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷

শিৱসাগৰ জিলা প্ৰশাসন
শিৱসাগৰ জিলা প্ৰশাসন

শিৱসাগৰ, 10 আগষ্ট: কৰ'ণা মহামাৰীৰ সংক্ৰমণে সমগ্ৰ পৃথিৱীতে সৃষ্টি কৰিছে ত্ৰাসৰ ৷ ইয়াৰ মাজতে সমাগত বহু অনুষ্ঠান ৷ ইতিমধ্যেই পাৰ হৈ যোৱা উৎসৱ বিহু, আদি এই মহামাৰীৰ সংক্ৰমণৰ বাবেই যথেষ্ট অনুষ্টুপীয়াকৈ পালন কৰিছে ৰাজ্যবাসীয়ে ৷ এই উৎসৱ সমূহৰ লগতে সমাগত স্বাধীনতা দিৱস ৷ বিগত দিনবোৰত কোনো কূটাঘাতমূলক কাৰ্য সংঘটিত হোৱাৰ শংকাত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গ্ৰহণ কৰা হৈছিল কেতবোৰ সুৰক্ষামূলক ব্যৱস্থা ৷ কিন্তু এইবাৰ কৰ'ণাৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখিহে প্ৰশাসন কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৷ মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে স্বাধীনতা দিৱসৰ প্ৰাক মূহুৰ্তত জাৰি কৰিছে কেতবোৰ নীতি-নিয়ম ৷

স্বাধীনতা দিৱসক লৈ তৎপৰতা শিৱসাগৰ জিলা প্ৰশাসনৰ

শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হ'ব স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷ শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে স্বাধীনতা দিৱসৰ বাবে লোৱা কেতবোৰ নীতি নিৰ্দেশনাৰ বিষয়ে উল্লেখ কৰিলে সংবাদ মাধ্যমযোগে ৷ স্বাধীনতা দিৱসৰ অনুষ্ঠানত অহা লোকে চেনিটাইজেশ্যনৰ লগতে মাস্ক পৰিধাণ কৰাত গুৰুত্ব প্ৰদান কৰিব লাগিব ৷ সামাজিক দূৰত্বৰ প্ৰতি লক্ষ্য ৰাখি আসনৰ ব্যৱস্থাও কৰা হৈছে জিলা প্ৰশাসনৰ তৰফৰ পৰা ৷ স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত পেৰেডত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে ৷ লগতে ভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই স্বীকৃতি অৰ্জন কৰিবলৈ সক্ষম হোৱা লোকসকলৰ তালিকা প্ৰস্তুত কৰি, স্বাধীনতা দিৱস উদযাপনস্থলীত সম্বৰ্ধনা জ্ঞাপন কৰাৰ বিপৰীতে, প্ৰশাসনে সংশ্লিষ্ট বিভাগত থকা লোকসকলক ঘৰে ঘৰে গৈ বঁটা প্ৰাপক সকলক সম্বৰ্ধণা জ্ঞাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ খেল-ধেমালিৰ লগতে সকলো সাংস্কৃতিক কাৰ্যসূচী এইবেলিৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত বাতিল কৰা হৈছে ৷

লগতে পঢ়ক: সাগৰৰ তলেৰে প্ৰথমটো অপ্টিকেল ফাইবাৰ প্ৰকল্প মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.