আমগুৰি, 1 নৱেম্বৰ: বানৰ বিভীষিকাৰ অন্তত এতিয়া ৰাজ্যৰ চৌদিশেৰ বিভিন্ন জলাশয়ত উঠিছে মাছৰ উজান ৷ সদৃশ পৰিস্থিতি শিৱসাগৰৰ মিটং নদীত । শ শ লোকে হাতে হাতে পলহ লৈ মিটং নদীত নামিছে । মিটং নদীৰ মাছৰ সোৱাদেই অনন্য বুলি জনা যায় ।
উজনিৰ নদীসমূহৰ ভিতৰত শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ মিটং নদীৰ মাছৰ আছে অনন্য সোৱাদ । নগা পাহাৰৰ পৰা বৈ অহা নদীখনত উভৈনদী বিভিন্ন ধৰণৰ থলুৱা মাছ উপলব্ধ । আঘোণৰ পথাৰত সোণোৱালী ধান চপোৱাৰ প্ৰাক মূহুৰ্তত নদীখনত মৎস্য চিকাৰ কৰি থলুৱা মাছৰ সোৱাদ লোৱাটো এক পৰম্পৰা । সেই পৰম্পৰা ৰক্ষা কৰিয়েই আমগুৰিৰ চাৰিং, কালুগাঁও, দিকছু, মাউট গাঁও, বেজগাঁও আদি অঞ্চলৰ শতাধিক গাঁওবাসী লগ হৈ মংগলবাৰে ব্যস্ত হৈ পৰে মৎস্য চিকাৰত ৷
মিটঙৰ বৰালী, আঁৰি আদি মাছৰ জুটি ল’বলৈ থলুৱা মাছমৰীয়াসকলে মৎস্য চিকাৰ কৰে । খৰালি অহাৰ লগে লগে মিটঙৰ পানী কমি আহে আৰু মাছে মিটঙৰ পানী ঘোলা কৰি পেলায় । এই মাছৰ সোৱাদ ল'বলৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰপৰা সমূহীয়াভাৱে ৰাইজ একত্ৰিত হৈ মিটঙৰ বুকুত মৎস্য চিকাৰ কৰে । হাতে হাতে বৰালি লৈ আনন্দ কৰে মাছমৰীয়াই ।
আচলতে অসমীয়া সমাজত মৎস্য চিকাৰৰ আছে এক বিশেষ স্থান আৰু সমূহীয়া মৎস্য চিকাৰৰ আনন্দই সুকীয়া । শিৱসাগৰৰ ৰাইজেও মংগলবাৰৰ দিনটোত আনন্দ-উলাহেৰে সমূহীয়া মৎস্য চিকাৰ কৰে ৷ কোনোৱে যদি মাছ নাপায় তেনেহ’লে লগৰ কোনোজনে নোপোৱাজনৰ সৈতে ভগায় লৈ ভাতৃত্বৰো চানেকি দাঙি ধৰে । সমূহীয়া মৎস্য চিকাৰে নিভাঁজ এখন সমন্বয়ৰ সমাজৰ বাৰ্তা দাঙি ধৰে ।
লগতে পঢ়ক: LPG Cylinder Price Hike : আকৌ মহঙা হ’ল ৰন্ধনগেছৰ চিলিণ্ডাৰ