ETV Bharat / state

Indegenous Muslims: মুছলমান গোষ্ঠীক বিপথে পৰিচালিত কৰিছে কোনে ? কাৰ ওপৰত খং নেকিবুৰ জামানৰ ?

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 1:56 PM IST

উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সংবাদমেল ৷ ‘‘খিলঞ্জীয়া মুছলমানৰ সলনি পূৰ্ব বংগৰ মুছলমান সকলে সুবিধা লাভ কৰি আছে ৷ আজান পীৰ দৰগাহৰ বাবে আৱণ্টিত পুঁজি আজিলৈকে মুকলি নহ’ল ৷’’ এই মন্তব্য উজনি অসম মুছলিম কল্যাণ পৰিষদৰ মুখ্য উপদেষ্টা নেকিবুৰ জামানৰ ৷

Nekibur Jaman Press Meet
আইচিচি সমৰ্থনকাৰী একাংশ পূৰ্ব বংগীয় মুছলমানে চৰকাৰক বিপথে পৰিচালিত কৰিছে
আইচিচ সমৰ্থনকাৰী একাংশ পূৰ্ব বংগীয় মুছলমানে চৰকাৰক বিপথে পৰিচালিত কৰিছে

শিৱসাগৰ, 11 ছেপ্টেম্বৰ: শিৱসাগৰ প্ৰেছ ক্লাৱত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সংবাদমেল । উজনি অসম মুছলিম কল্যাণ পৰিষদৰ মুখ্য উপদেষ্টা নেকিবুৰ জামানে এই সংবাদমেল সম্বোধন কৰে । খিলঞ্জীয়া মুছলমানসকল সামাজিক আৰু আৰ্থিক দিশত পিচপৰি থকাৰ সন্দৰ্ভত এই সংবাদ মেল অনুষ্ঠিত কৰে । সংবাদ মেলত জামানে কয় যে, অসমত প্ৰায় 46 লাখ খিলঞ্জীয়া মুছলমান আছে । ইমান বৃহৎ সংখ্যক খিলঞ্জীয়া ইছলাম ধৰ্মাৱলম্বীলোক থকাৰ পাচতো ৰাজনৈতিক-সামাজিক-আৰ্থিক ভাৱে বঞ্চিত হৈ আছে । কিন্তু এইসকল লোকৰ উন্নয়নৰ বাবে অহা সংখ্যালঘূৰ পুঁজি কোনো কোনো বিশেষ অঞ্চলৰ বাবেহে দিয়া হয় ।

‘‘এতিয়া গৰীয়া, মৰীয়া, দেশী, জোলা, চৈয়দ, কছাৰী মুছলমান আৰু পংগোল আদি খিলঞ্জীয়া মুছলমানৰ সলনি পূৰ্ব বংগৰ মুছলমান সকলে সুবিধা লাভ কৰি আছে । আজান পীৰ দৰগাহৰ বাবে আৱণ্টিত পুঁজি আজিলৈকে মুকলি নহ’ল । সেইদৰে যোৱা সাত বছৰে আজান পীৰ দৰগাহৰ নামত প্ৰৱৰ্তন কৰা বঁটা অসম চৰকাৰে প্ৰদান কৰা নাই । সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকাৰ সময়ত আৱণ্টন কৰা 100 কোটি টকা খিলঞ্জীয়া মুছলমানৰ উন্নয়নত ব্যৱহাৰ নহ'ল ।’’ সংবাদমেল যোগে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে নেকিবুৰ জামানে ৷

আনহাতে আজিৰ সংবাদমেলত খিলঞ্জীয়া মুছলমান সকলৰ এক উচিত পিয়ল কৰি অ’বিচি মৰ্যাদা প্ৰদান কৰিবলৈ আহ্বান জনায় । ইয়াৰ দ্বাৰা এক গোষ্ঠীগত পৰিচয় পোৱাৰ লগতে আৱণ্টিত পুঁজি খিলঞ্জীয়া মুছলমানসকলৰ বাবে ব্যৱহৃত হ’ব বুলি তেওঁ উল্লেখ কৰে । এই প্ৰসংগত জামানে একাংশ পূৰ্ব-বংগীয় মুছলমান গোষ্ঠীৰ প্ৰৰোচনাৰ বাবে ৱাকাফ ব’ৰ্ড বন্ধ হৈ থকা বুলি অভিযোগ আনে ।

তেওঁ লগতে কয় যে আইচিচ-ইছলামিক শক্তিক সমৰ্থন কৰি একাংশ পূৰ্ব-বংগীয় লোকে চৰকাৰক প্ৰভাৱিত কৰি সমগ্ৰ মুছলমান গোষ্ঠীক বিপথে পৰিচালিত কৰি আছে । এখন শুদ্ধ আৰু নিকা ভোটাৰ তালিকাৰ লগতে 1951চনৰ ভিত্তিত এনআৰচিৰ প্ৰস্তুতৰ দাবী উত্থাপন কৰে জামানে ।

লগতে পঢ়ক:ASP Subhalakshmi Dutta case : আত্মসমৰ্পণৰ পিচতে জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.