ETV Bharat / state

ব্যতিক্ৰমী ৰূপত নিজৰ জন্মদিন উদযাপন এটি কণমানিৰ - ব্যতিক্ৰমী ৰূপত নিজৰ জন্মদিন উদযাপন

শিৱসাগৰত এটি কণমানিয়ে এক ব্যতিক্ৰমী ৰূপত উদযাপন কৰিলে নিজৰ ওপজা দিন ৷ ল’কডাউনৰ সময়ছোৱাত পিতৃ-মাতৃৰ সৈতে কণমানিজনীয়ে আর্তজনক সহায়ৰ হাত আগবঢ়াই উদযাপন কৰিলে নিজৰ জন্মদিন ৷

ব্যতিক্ৰমী ৰূপত নিজৰ জন্মদিন উদযাপন কৰিলে এটি কণমানিয়ে

author img

By

Published : Apr 15, 2020, 2:50 PM IST

শিৱসাগৰ, 15 এপ্ৰিলঃদেশৰ সর্বত্রে ল'কডাউন চলি থকাৰ মাজতে বুধবাৰে শিৱসাগৰত দেখা গ'ল এক মানৱ দৰদী ছবি। শিৱসাগৰৰ আমোলাপট্টিৰ নিৱাসী মনোজ হাজৰিকা আৰু ময়ূৰী শর্মা হাজৰিকাৰ কন্যা তথা হলী নেম স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী যোগেশ্রী কাশ্যপৰ ওপজা দিনৰ দিনাই যোগেশ্ৰী আৰু তেওঁৰ পৰিয়ালে আর্তজনক আগবঢ়ালে সহায়ৰ হাত।

ব্যতিক্ৰমী ৰূপত নিজৰ জন্মদিন উদযাপন কৰিলে এটি কণমানিয়ে
এই ল’কডাউনৰ সময়ছোৱাত খাদ্য নাটনিত ভোগা প্রায় ৪৫ ঘৰতকৈও অধিক লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে পৰিয়ালটোৱে। একো একোটা পৰিয়ালক দৈনন্দিন প্ৰয়োজনীয় খাদ্য সামগ্ৰী যেনে- চাউল,দাইল,তেল,আলু,পিঁয়াজ আদি এসপ্তাহৰ বাবে জন্মদিন উপলক্ষে বিতৰণ কৰা হয়। বিতৰণৰ সময়ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰোধমূলক মাস্ক,গ্ল’ভছ,চেনিটাইজাৰ আদি ব্যৱহাৰ কৰি এক সজাগতামূলক নিদৰ্শনো দাঙি ধৰে কণমানিটিৰ পিতৃ-মাতৃয়ে ।

লগতে চাওকঃজনীয়াৰ এ আই বি ইটাৰ ভাটাত তীব্ৰ খাদ্য সংকট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.