আমগুৰি, 6 ডিচেম্বৰ : ব্ৰহ্মপুত্ৰ, দিখৌ আৰু দৰিকাৰ ত্ৰিবেণী সংগমস্থল আজানপীৰ দৰগাহকে ধৰি সমগ্ৰ অঞ্চলটোলৈ নামি আহিছে ভাবুকি ৷ ঐতিহাসিক আজান পীৰ দৰগাহ (Historical Ajan Fakir Dargah) আৰু স'ৰাগুৰি চাপৰিলৈ (Saraguri Chapori) অসাধু চক্ৰই কঢ়িয়াই আনিছে ভাবুকি ৷ 2007 চনতেই দিখৌমুখ গাঁও পঞ্চায়তে বানপানী আৰু গৰাখহনীয়া ৰোধৰ বাবে নদী কাষৰীয়া অঞ্চলটোত ৰোপন কৰিছিল বহু শতাধিক চিচু গছ ৷
প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত সহায়ক হোৱাৰ উপৰিও এইসমূহ চিচু গছৰ বাবে যোৱা দিনসমূহত গৰাখহনীয়াৰ কৱলত পৰা নাছিল অঞ্চলটো ৷ কিন্তু সম্প্ৰতি দুষ্কৃতিকাৰীয়ে চিচু গছবোৰ কাটি তহিলং কৰা কাৰ্যই এতিয়া অঞ্চলটোলৈ গৰাখহনীয়াৰ দৰে ভাবুকি নামি অহা বুলি উল্লেখ কৰিছে স্থানীয় সচেতন ৰাইজে (deforestation at saraguri sapori sivsagar) ৷ এই প্ৰাকৃতিক সম্পদৰাজি নোহোৱা হোৱাৰ লগতে অঞ্চলটোত যিকোনো সময়ত হ’ব পৰা গৰাখহনীয়াৰ দৰে সম্ভাৱ্য বিপদৰ আশংকাত ভূগিছে স্থানীয় ৰাইজে ৷
স্মৰ্তব্য যে, 13 বছৰ পূৰ্বেই সেই অঞ্চলৰ কেইগৰাকীমান সমাজ সচেতন ব্যক্তিয়ে লগ হৈ ৰোপন কৰিছিল বহু শতাধিক গছপুলি ৷ ব্ৰহ্মপুত্ৰ, দিখৌ আৰু দৰিকাৰ ত্ৰিবেণী সংগমস্থল আজানপীৰ দৰগাহৰ বালিময় এলেকাটোত গছপুলি ৰোপনেৰে খহনীয়া প্ৰতিৰোধৰ বাবে এক গ্ৰহণ কৰিছিল এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷
কিন্তু বৰ্তমানে এই ঐতিহাসিক অঞ্চলটোৰ মূল্য নুবুজি দুষ্কৃতিকাৰীয়ে গছ-বন কাটি অহৰহ ধ্বংসলীলা চলাই গৈছে অঞ্চলটোত ৷ সচেতন ৰাইজে শিৱসাগৰ জিলা প্ৰশাসনক এই সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷
লগতে চাওক : বনভোজ খাবলৈ গৈ ধনশিৰিত নিখোজ অভিযন্তা