ETV Bharat / state

নগালেণ্ডলৈ পঢ়ুৱাবলৈ নি দুই কিশোৰীক অমানুষিক নিৰ্যাতন চলালে বৰদেউতাকে

author img

By

Published : Oct 9, 2021, 6:51 PM IST

নিজৰেই আত্মীয়ই আমগুৰিৰ দুগৰাকী কিশোৰীক অমানুষিক নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ নগালেণ্ডলৈ পঢ়ুৱাবলৈ নি কিশোৰী দুগৰাকীক কিদৰে নিজৰেই আত্মীয়ই ভয়াৱহ শাৰিৰীক আৰু মানসিকভাৱে নিৰ্যাতন কৰিছিল শুনিলে আপোনাৰো গাৰ নোম শিয়ঁৰি উঠিব ৷

two-minors-assaulted-by-own-relatives
নগালেণ্ডলৈ পঢ়ুৱাবলৈ নি দুই কিশোৰীক অমানুষিক নিৰ্যাতন চলালে বৰদেউতাকে

আমগুৰি, ৯ অক্টোবৰ: নিজ পৰিয়ালৰ হাততে বহু কিশোৰ-কিশোৰী অথবা শিশু শাৰিৰীক আৰু মানসিকভাৱে নিৰ্যাতিত হোৱাৰ ঘটনাই সময়ে সময়ে দখল কৰি আহিছে সংবাদ শিৰোনাম ৷ অনুৰূপ পৰিস্থিতিৰে সমুখীন হ’ল শিৱসাগৰ জিলাৰ আমগুৰিৰ দুগৰাকী কিশোৰী ৷ নিজৰ বৰদেউতাক আৰু বৰমাকৰ হাততেই অমানুষিক নিৰ্যাতনৰ বলি হ'ব লগীয়া হৈছে কিশোৰী দুগৰাকী ৷

উল্লেখ্য যে, আমগুৰি আৰক্ষী থানাৰ সমীপৰ চামগুৰি আদৰ্শ গাঁৱৰ এই দুগৰাকী কিশোৰীক তিনি বছৰৰ পূৰ্বে পঢ়োৱাৰ দায়িত্ব লৈ বৰদেউতাক আৰু বৰমাকে লৈ গৈছিল নগালেণ্ডলৈ ৷ পিছে ব্যৱসায়িক সূত্ৰে নগালেণ্ডত থকা বৰদেউতাক আৰু বৰমাকে পৰৱৰ্তী সময়ত কিশোৰী দুগৰাকীক স্কুল এৰোৱাই হোটেল আৰু ঘৰুৱা কামতহে লগাবলৈ আৰম্ভ কৰে ।

হোটেলত কাম নকৰিলেই দুই কিশোৰীক তেওঁলোকে শাৰীৰিকভাৱে অত্যাচাৰ চলাই বুলিও উত্থাপিত হৈছে অভিযোগ । এই নিৰ্যাতন ইমানেই ভয়াৱহ আছিল যে, শুনিলে আপোনাৰো গাৰ নোম শিয়ঁৰি উঠিব ৷

অভিযোগ অনুসৰি, নিজৰেই আত্মীয়ই কিশোৰী দুগৰাকীক প্লাচেৰো নখ উভলাৰ লগতে লোহাৰ ৰদ গৰম কৰি ভৰিত লগোৱাৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰি আহিছে ৷ এই ঘটনা পোহৰলৈ অহাৰ পিছতেই সদৌ অসম মহিলা সমিতিয়ে নগালেণ্ডৰ লুংঠু থানাৰ সহযোগত দুই কিশোৰীক উদ্ধাৰ কৰিছে । ইতিমধ্যে দুয়োগৰাকী কিশোৰীক নগালেণ্ডৰ পৰা আমগুৰিলৈ ঘূৰাই আনি পৰিয়ালৰ তত্ত্বাৱধানত ৰখাৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক : Drugs on Cruise ঘটনাৰ সৈতে ৰাজনৈতিক সম্পৰ্ক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.