শিৱসাগৰ, 5 আগষ্ট : আজিৰ দিনটোত ৩৫২ বছৰৰ আগতে সংঘটিত হৈছিল আলাবৈৰ ৰণ ৷ প্ৰৱল প্ৰতাপী মোগলক যুদ্ধত ৰোধ কৰিবলৈ আহোম সৈন্যই বীৰদৰ্পে যুঁজ দি প্ৰাণ আহুতি দিছিল দহ হাজাৰ অসমীয়া সৈন্যই ৷ এই দিনটোক আজিও সোঁৱৰণ কৰে আহোম সেনাই ৷ ঐতিহাসিক তলাতল ঘৰত আহোমৰ পৰম্পৰা অনুসৰি তৰ্পণ প্ৰদান কৰে এইসকল বীৰক ৷
আলাবৈ ৰণ ৷ অসমৰ ইতিহাসৰ এক উল্লেখযোগ্য ঘটনা ৷ মোগলৰ অসম আক্ৰমণ প্ৰতিহত কৰিবলৈ আহোম শাসনে সূচনা কৰা ইতিহাস প্ৰসিদ্ধ শৰাইঘাট যুদ্ধৰ পট ৰচনা কৰিছিল আলাবৈ ৰণে ৷ এফালে ঔৰংজেৱৰ ৰামসিংহ নেতৃত্বাধীন মোগলৰ বিৰাট সেনানী, আনফালে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ সাহসী সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া সেনা ৷
লগতে চাওক : ৯ আগষ্টত গুৱাহাটীত ৰঙা দলিচাত ভৰি দিব লাভলীনা বৰগোঁহায়ে
সাম্ৰাজ্যবাদী নীতিৰে অসমৰ স্বাধীনতা কাঢ়ি আনিব খোজা মোগল সেনাক ৰোধৰ বাবে তৎপৰ আহোম শাসন ৷ ৰামসিংহৰ কূট-কৌশল সকলো মষিমূৰ কৰি লাচিত বৰফুকনে আৰম্ভ কৰিলে অভিযান ৷ ১৬৬৯ চনৰ ৫ আগষ্টত আলাবৈৰ ওচৰত আহোম-মোগল মুখামুখি হয় ৷ আহোমে মোগলক ৰোধিবলৈ ৪০,০০০ সৈন্য প্ৰেৰণ কৰিলে ৷
মোগল পৰাজয় হ’লে মুখলজ্জাৰ পৰা হাত সাৰিবলৈ মদনাৱতী নামৰ এগৰাকী মহিলাক ৰণৰ নেতৃত্ব দিলে ৷ প্ৰথমতে, মদনাৱতীয়ে আহোমৰ সৈন্যক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু বৰফুকনে মাজত দ খাৱৈ নিৰ্মাণ কৰি থৈছিল ৷ দ্বিতীয় পৰ্যায়ত মদনাৱতী ব্ৰহ্মপুত্ৰ নদী পাৰ হ’বলৈ ব্যৰ্থ হোৱাত তেওঁক হত্যা কৰা হ’ল ৷
লগতে চাওক: সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশত বন্ধ হ'ল বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড
ইয়াৰ পিছত মীৰ নৱাবে যুদ্ধত যোগদান দিলে ৷ আহোমৰ ছলাহীত ৰামসিংহ ক্ৰুদ্ধ হৈ পৰে ৷ সেয়ে দক্ষ অশ্বাৰোহী সৈন্যক যুদ্ধৰ বাবে আদেশ দিলে ৷ এই আক্ৰমণত আহোমৰ প্ৰায় ১০,০০০ সৈন্যৰ মৃত্যু হয় ৷ অতি পৰাক্ৰমেৰে যুঁজ দি আহোমে প্ৰতিহত কৰিলে ভাৰতৰ শাসক মোগলক ৷ ইয়াৰ প্ৰায় দুবছৰৰ পাছত লাচিত বৰফুকনৰ নেতৃত্বত আহোম সৈন্যই শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰি দেশ আৰু জাতিৰ মান অক্ষুন্ন ৰাখিলে ৷
আলাবৈৰ ৰণত অসমীয়া সৈন্যৰ যি বলিদান, তাক আজিৰ দিনটোত সোঁৱৰণ কৰি যুদ্ধত প্ৰাণ আহুতি দিয়া দহ হাজাৰ বীৰ অসমীয়াক ঐতিহাসিক তলাতল ঘৰত পৰম্পৰাগত তৰ্পণ প্ৰদান কৰে আহোম সেনাই । পৰম্পৰাগত আহোম নিয়মত বাইলুঙৰ দ্বাৰা এই বীৰসকলৰ প্ৰতি তৰ্পণ প্ৰদান কৰা হয় ।
লগতে চাওক: নগাঁৱৰ ক’ভিড ভেকচিন প্ৰদান কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি