শিৱসাগৰ, ৫ জুন : লক ডাউনৰ মাজতে অসমবাসীলৈ ভাল খবৰ । পেলনীয়া প্লাষ্টিকৰ পাইপেৰে শিৱসাগৰৰ যুৱ উদ্ভাৱক অভিজিত দুৱৰাই নিৰ্মাণ কৰি উলিয়ালে গছত পানী দিয়া যন্ত্ৰ । পেলনীয়া প্লাষ্টিকৰ পাইপ আৰু অলাগতিয়াল সামগ্রীৰ সহায়ত যুৱক জনে এই যন্ত্ৰ নিৰ্মাণ কৰি উলিয়াইছে। এই যন্ত্ৰৰ সহযোগত স্বয়ংক্ৰিয়ভাৱে গছত পানী দিয়াৰ সমস্যা সমাধান হ'ব বুলি যুৱকজনে মন্তব্য প্ৰদান কৰে । উল্লেখযোগ্য যে, শিৱসাগৰ চহৰৰ ফুকন নগৰৰ মেটেকাৰ নিবাসী যুৱ উদ্ভাৱক গৰাকীয়ে ইয়াৰ পূৰ্বেও চেলুলাৰ স্বীট্চ বৰ্ড, চেনিটাইজাৰ মেচিন আদিকে ধৰি একাধিক সঁজুলি তৈয়াৰ কৰি উলিয়াইছিল ।
নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তান অভিজিতে বিভিন্ন আৰ্থিক প্ৰতিবন্ধকতাৰ মাজত নিজ অধ্যৱসায় আৰু প্ৰচেষ্টাৰ ফলত এইদৰে বিভিন্ন সঁজুলি উদ্ভাৱন কৰি আহিছে । বর্তমানলৈকে যুৱক জনে দুকুৰিৰো অধিক সঁজুলি,যন্ত্ৰ উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে। আনহাতে, যুৱকজনৰ এই গছত পানী দিয়া যন্ত্ৰই অনাগত সময়ত পৃথিৱীখন সেউজীয়া কৰাৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা ল'ব বুলি আশাবাদী শিৱসাগৰবাসী ।
লগতে পঢ়ক : গছপুলি ৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস পালন বিধায়ক শিলাদিত্য দেৱৰ