ETV Bharat / state

আজি পহিলা আঘোণ... - সোণগুটি

আঘোণ মানেই কৃষকৰ সপোনৰ পকা সোণগুটি চপোৱাৰ সময় ৷ আঘোণ আহিলেই ব্যস্ত হৈ পৰে গ্ৰামাঞ্চলৰ লোকসকল ৷ আজি পহিলা আঘোণ ৷ শিৱসাগৰৰ প্ৰতিখন পথাৰত এতিয়া ব্যস্ত ৰোৱনী-দাৱনী ৷

today is first aghun story assam etv bharat news
আজি পহিলা আঘোণ...
author img

By

Published : Nov 17, 2020, 5:10 PM IST

আমগুৰি,17 নৱেম্বৰ: আজি পহিলা আঘোণ ৷ চহা কৃষকৰ ফচল প্ৰাপ্তিৰ হেঁপাহৰ মাহ ৷ আঘোণ মানেই কৃষকৰ সপোনৰ পকা সোণগুটি চপোৱাৰ সময় ৷ সেয়ে আঘোণ আহিলেই ব্যস্ত হৈ পৰে গ্ৰামাঞ্চলৰ লোকসকল ৷ গ্ৰাম্য জীৱনৰ প্ৰতিঘৰ মানুহক এই সময়ছোৱাত দেখা যায় পথাৰত ৷ দাৱনীসকলে ধান কটাত আৰু পুৰুষ সকল ব্যস্ত ডাঙৰি বন্ধাত ৷ শাওনৰ বোকাত কপালৰ ঘাম মাটিত পেলাই সেউজীয়া কৰা হেঁপাহৰ পথাৰখন এতিয়া হৈ পৰিছে সোণবৰণীয়া ৷

চহা কৃষকৰ ফচল প্ৰাপ্তিৰ হেঁপাহৰ মাহ আঘোণ

হাতত কাঁচি লৈ দাৱনীসকল এতিয়া ব্যস্ত সপোন সামৰাত ৷ শিৱসাগৰৰ কালুগাঁও, নাথগাঁৱৰ পথাৰসমূহত এতিয়া সুলভ হৈ পৰিছে এনে দৃশ্য ৷ কোনোৱে আকৌ কামৰ মাজতে পথাৰত বহি নিমখ-জলকীয়াৰ সৈতে কলপাতত সোৱাদ লৈছে ৰবাব টেঙাৰ ৷ কৃষকসকলেও হেঁপাহৰ ডাঙৰিকেইটা ভঁৰালত ভৰোৱাৰ উচাহতে জুৰিছে এফাকি বিহু ৷ এক কথাত গ্ৰামাঞ্চলৰ পথাৰত এতিয়া বৈছে আনন্দৰ ঢল ৷ এয়াই আঘোণ ৷ সোণবৰণীয়া পথাৰৰ পকা ধানৰ সুঘ্ৰাণত মতলীয়া হোৱাৰ সময়েই আঘোণ ৷

লগতে চাওকঃ ভুৱা সেনা জোৱান নিযুক্তি দিয়া ধীমান কৃষ্ণ কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.