ETV Bharat / state

শিৱসাগৰত একেদিনাই ৩১গৰাকী আক্ৰান্ত কৰ’ণা ভাইৰাছত - কৰ’ণা ভাইৰাছ

শিৱসাগৰতো অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে কৰ’ণা ৰোগীৰ সংখ্যা ৷ জিলাখনত মঙলবাৰে সৰ্বাধিক 31গৰাকী লোক ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হয় ৷ উক্ত লোকসকলৰ ভিতৰত একাংশ লোক বহিঃৰাজ্যৰ পৰা অহাৰ লগতে মহানগৰীৰ পৰা অহা লোকো সন্নিৱিষ্ট হৈ আছে ৷ ভ্ৰমণ বৃত্তান্ত নথকা ব্য়ক্তিৰ দেহতো ধৰা পৰিছে ভাইৰাছবিধৰ উপস্থিতি ৷

thirty one more person tested covid 19 positive at sivsagar assam etv bharat news
শিৱসাগৰত অস্বাভাৱিকভাৱে বৃদ্ধি কৰ’ণা ৰোগীৰ সংখ্যা
author img

By

Published : Jul 15, 2020, 10:46 AM IST

শিৱসাগৰ,15 জুলাই: কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে ৰাজ্যত 18,666 ঘৰ স্পৰ্শ কৰিছে ৷ ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাত ভয়ানকভাৱে বৃদ্ধি পাইছে কৰ’ণা ৰোগীৰ সংখ্যা ৷ শিৱসাগৰতো অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে কৰ’ণা ৰোগীৰ সংখ্যা ৷ জিলাখনত মঙলবাৰে সৰ্বাধিক 31গৰাকী লোক ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হয় ৷ উক্ত লোকসকলৰ ভিতৰত একাংশ লোক বহিঃৰাজ্যৰ পৰা অহাৰ লগতে মহানগৰীৰ পৰা অহা লোকো সন্নিৱিষ্ট হৈ আছে ৷ আনহাতে, ভ্ৰমণ বৃত্তান্ত নথকা ব্য়ক্তিৰ দেহতো ধৰা পৰিছে ভাইৰাছবিধৰ উপস্থিতি ৷ মঙলবাৰে লাভ কৰা স্বাৱ পৰীক্ষাৰ ফলাফলত এই কথা ষ্পষ্টভাৱে প্ৰকাশ পায় ৷ এই সংখ্যা বৃদ্ধিৰ লগে লগে জিলাখনত Covid 19 ত আক্ৰান্তৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰে ৷ আক্ৰান্ত সকলক ইতিমধ্যে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ কিন্তু বৰ্ধিত ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কম সময়ৰ ভিতৰতে চিকিৎসালয়খনৰ কৰ’ণা ৰোগীৰ বাবে ব্যৱস্থা কৰা সকলো বিচনা ভৰ্তি হোৱাৰ আশংকা আছে ৷ সেয়ে পৰৱৰ্তী সময়ত কোভিদ-19 ৰোগীসকলক শিৱসাগৰ নগৰৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে ৷

মঙলবাৰৰ দিনটোত ৰাজ্যত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে 6 গৰাকী ৰোগীয়ে ৷ পূৰ্বে ৰাজ্যত 40গৰাকী লোকে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল ৷ সম্প্ৰতি এই সংখ্যা বৃদ্ধি হৈ 46 ৰ ঘৰ স্পৰ্শ কৰিছে ৷

লগতে চাওকঃ ক'ভিড-19 ত পুনৰ ৰাজ্যত মৃত্য়ু 6 গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.