আমগুৰি, ৬ জুলাই : অলপতে দেশৰ পাঁচখন বিশেষ ৰাজ্যৰ ভিতৰত অসমখনক অন্তৰ্ভুক্ত কৰাৰ আশ্বাস প্ৰদান কৰিছিল বৰ্তমানৰ বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ৷ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰিছিল যে, বিগত 5 পাঁচটা বছৰত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত যিধৰণে উন্নয়ন হৈছে, সেয়া অতুলনীয় ৷
কিন্তু ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সেই ভাষ্যৰ বিপৰীত এক দৃশ্য পৰিলক্ষিত লৈছে ৰাজ্যত এতিয়া ৷ চৌদিশে মাথো অভাৱ- অনাতন ৷ ৰাজ্যৰ বহু অঞ্চলৰ লোকে এতিয়াও অন্ন, বস্ত্ৰ, বাসস্থানৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ ৷
শিৱসাগৰ জিলাৰ আমগুৰি পৌৰ সভাৰ অন্তৰ্গত 2 নং ৱাৰ্ডৰ বাসিন্দা সকলে এতিয়া এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে ৷ আমগুৰি পৌৰ সভাৰ কাৰ্যালয়ৰ পৰা মাত্ৰ 1 কিলোমিটাৰ নিলগত আছে 2 নং ৱাৰ্ড ৷ এয়া কোনো ভিতৰুৱা অঞ্চল নহয় ৷
ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰিবৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে ৷ কিন্তু এই আঁচনি সমূহ কিমান দূৰ সফল প্ৰয়োগ হৈছে ? আমগুৰি পৌৰ সভাৰ কাৰ্যালয়ৰ গাতে লাগি থকা 2 নং ৱাৰ্ডৰ বাসিন্দা সকলে বিশুদ্ধ খোৱা পানীটুপিৰ অভাৱত জাঁজী নদীৰ লেতেৰা পানীকে খাবলৈ বাধ্য হৈছে ৷
অভিযোগ অনুসৰি, আমগুৰিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অদূৰদৰ্শিতাৰ বাবেই এতিয়া জাঁজী নদীৰ পানী সেৱন কৰিবলগীয়া হৈছে আমগুৰিৰ 2 নং বাসিন্দা সকলে ৷ বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছে 30 টাত কৈ অধিক পৰিয়াল ৷ উল্লেখ্য যে, এই পৰিয়াল কেইটাৰ অধিকাংশই দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ৷
অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি খোৱা পানীৰ অভাৱৰ কথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাক অৱগত কৰি আহিছে যদিও আজিকোপতি বিধায়কগৰাকীয়ে এই লৈ বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে ৷ অঞ্চলটোৰ লোকসকলে জানিবলৈ দিয়া অনুসৰি, বিধায়ক গৰাকীয়ে 2 নং ৱাৰ্ডৰ লোক সকলক বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতিও দিছিল ৷ সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যত পৰিণত নহ'ল ৷