ETV Bharat / state

Playground turn into pasture: শিৱসাগৰত নাই খেলপথাৰ, থিয়েটাৰে চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিলে খেলপথাৰ - Theatre turns playground into pasture

শিৱসাগৰত ফুটবল খেলৰ আয়োজন কৰি বিপাঙত পৰিছে উদ্যোক্তা ৷ থিয়েটাৰ অনুষ্ঠিত কৰি চৰণীয়া পথাৰলৈ পৰিণত কৰিলে খেলপথাৰ (Playground turn into pasture)৷

Sivasagar people demanding a playground
থিয়েটাৰে চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিলে খেলপথাৰ
author img

By

Published : Mar 26, 2023, 11:04 PM IST

Updated : Mar 27, 2023, 7:44 AM IST

থিয়েটাৰে চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিলে খেলপথাৰ

শিৱসাগৰ, 26 মাৰ্চ: শিৱসাগৰ নগৰত নাই ক্ৰীড়াৰ পৰিৱেশ ৷ এখন খেলপথাৰৰ কাৰণে হাহাকাৰ কৰিছে শিৱসাগৰবাসীয়ে ৷ ক'ত হেৰাল শিৱসাগৰৰ খেলৰ পৰিৱেশ ? অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ শিৱসাগৰত এতিয়া নাই খেলিবৰ বাবে এখন খেলপথাৰ। একমাত্ৰ বৰ্ডিং খেলপথাৰখনো ৰূপান্তিৰত হৈছে চৰণীয়া পথাৰলৈ (Sivasagar people demanding a playground)৷

প্ৰকৃততে লক্ষ্য নামৰ এটা ক্ৰীড়া সংগঠনে আগন্তুক ২৯ মাৰ্চ তাৰিখৰ পৰা এখন আমন্ত্ৰণমূলক নৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰিছে (Playground turn into pasture)। কিন্তু ইয়াৰ পিচতে খেল পতাক লৈ হাহাকাৰ লাগিছে ৷ যাৰ বাবে খেলৰ অনুশীলন অথবা প্ৰতিযোগিতাৰ বাবে এতিয়া আহুকালত পৰিছে খেলুৱৈ আৰু উদ্যোক্তা।

লগতে পঢ়ক: Tribal youth exchange programme: চতুৰ্দশ জনজাতীয় যুৱ বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ অসমৰ ৰাজ্যপালৰ

যোৱা 22 মাৰ্চত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ বৰ্হি ভাগত নৰেন চেতিয়া নামৰ এজন লোকৰ নেতৃত্বত ইতিহাস থিয়েটাৰ অনুষ্ঠিত কৰে(Theatre turns playground into pasture)। উদ্যোক্তা সকলে থিয়েটাৰ অনুষ্ঠিত কৰাৰ নামত খেলপথাৰৰ ভিতৰত গাঁত খান্দিয়ে ক্ষান্ত নাথাকিল বৰঞ্চ খেলপথাৰৰ গ'ল পষ্টৰ সমুখত পেলাই দিলে শিলৰ টুকুৰা। থিয়েটাৰ চাবলৈ অহা লোক সকলে বোকাত খোজ দিবলৈ অসুবিধা পোৱাৰ বাবে শিল পেলাব লগা হৈছিল নৰেন চেতিয়া নামৰ লোকজনে ৷

এতিয়া খেলপথাৰখন এইদৰে খান্দি দিয়া তথা খেলপথাৰৰ মাজত শিল পেলোৱাক লৈ এতিয়া বিমোৰত পৰিছে উদ্যোক্তা।

কিয়নো এইদৰে শিল পেলোৱাৰ ফলত খেলুৱৈয়ে আঘাত পোৱাৰ সম্ভাৱনাই আছে। এনে পৰিস্থিতিত খেলৰ মাজত খেলুৱৈ গুৰুতৰভাৱে জখম হোৱাৰ সম্ভৱনা আছে। ফলত এতিয়া খেলখনৰ প্ৰতি অনিশ্চয়তাৰ সৃষ্টি হৈছে বুলি আশংকা কৰিছে উদ্যোক্তাই । থিয়েটাৰ নামত কৰা এই উদ্ভণ্ডালিৰ ঘটনা সন্দৰ্ভত উদ্যোক্তাই থিয়েটাৰ উদযাপন সমিতিৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এক গোচৰ ৰুজু কৰিছে (FIR filed against theatre organizer)।

লগতে পঢ়ক: Jal Jeevan Mission; ২০২৪ চনৰ ৩১ মাৰ্চৰ আগত জল জীৱন মিছনৰ কাম সম্পন্ন কৰিব নোৱাৰা ঠিকাদাৰ ব্লেকলিষ্টেড হ’ব : মুখ্যমন্ত্ৰী

Last Updated : Mar 27, 2023, 7:44 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.