শিৱসাগৰ,15জুনঃ সমগ্ৰ দেশৰ লগতে অসমতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ সমান্তৰালভাৱে সৃষ্টি হৈছে কৰ'ণাৰ আতংক ৷ শিৱসাগৰত কৰ'ণাৰ আতংকৰ বাবে বন্ধ কৰা হ'ল ডাকঘৰ ৷
জানিব পৰা মতে,শিৱসাগৰৰ কালুগাঁৱৰ সোণাৰি ডাকঘৰটো সোমবাৰে বন্ধ কৰি দিয়ে কৰ্তৃপক্ষই ৷ ডাকঘৰটোৰ এগৰাকী কৰ্মচাৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে যে, ডাকঘৰটোত কৰ্মৰত বিনোদ ফুকন নামৰ এজন লোকৰ শৰীৰত ধৰা পৰিছিল COVID-19 ৷ যাৰ পৰিপ্ৰেক্ষিতত সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰে কৰ্তৃপক্ষই ৷ ইপিনে, সোণাৰি ডাকঘৰটোৰ কোনো কৰ্মচাৰী কৰ'ণাত আক্ৰান্ত বিনোদ ফুকনৰ সংস্পৰ্শলৈ অহা নাছিল বুলিও জানিব দিয়ে কৰ্মচাৰীসকলে ৷
লগতে পঢ়কঃ ব্য়ক্তিগত নাৰ্ছিং হোমৰ ক্ষেত্ৰত কি নিয়ম উঠাই ল'লে দিল্লী চৰকাৰে ?