আমগুৰি, ৬ ডিচেম্বৰ: হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰে মুখৰিত হৈ আছে শিৱসাগৰ জিলাত অৱস্থিত এছিয়াৰ প্ৰথমখন চিৰিয়াখানা । এক দৃষ্টিনন্দন দৃশ্যই , মন পুলকিত কৰিছে সকলোকে ৷
স্বৰ্গদেউ ৰূদ্ৰ সিংহৰ ৰাজত্বকালত 1696 খ্ৰীষ্টাব্দৰ পৰা 1714 খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা চিৰিয়াখানা খনেই পহুগড় । উল্লেখ্য যে স্বৰ্গদেউ ৰূদ্ৰ সিংহই 17 শতিকাতে জীৱ জন্তুৰ সংৰক্ষণত গুৰুত্ব আৰোপ কৰি 8 টা পথালি আৰু 16 টা থিয় গড় বিশিষ্ট পহুগড় নিৰ্মাণ কৰি গঁড়, হৰিণ, কুম্ভীৰ, বাঘ, হাতীকে ধৰি বিভিন্ন জীৱ জন্তুৰ সংৰক্ষণ কৰিছিল বুলি ইতিহাসৰ পাতত লিপিবদ্ধ আছে ৷ কালক্ৰমত বহুকেইটা গড় ধ্বংসস্তুপত পৰিণত হোৱাৰ লগতে বৰ্তমান 4 টা থিয় আৰু 4 টা পথালি গড়ৰহে অৱশিষ্ট হৈ ৰৈছে ৷
উল্লেখ্য যে, মুঠ ৩৫০ বিঘা মাটিকালিত নিৰ্মাণ কৰা পহুগড়ৰ এক তৃতীয়াংশ ভূমি বৰ্তমান বেদখলকাৰীৰ কৱলত ৷ সম্প্ৰতি এই পহুগড়ৰ জলাশয়তে হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰে মুখৰিত হৈ আছে । দেওৰাজহাঁহ, ধৃতৰাজ, ভেলা, আকুহি বগ, চাইবেৰিয়ান পেলিকান, শৰালি, কাম চৰাইকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাইয়ে ইয়াত বিচৰণ কৰে ।
জলাশয়বোৰত হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰে মুখৰিত হৈ থকা প্ৰকৃতিপ্ৰমীৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা ।পৰ্যটকৰ আকৰ্ষণৰ পূৰ্ণ সম্ভাৱনা থকা আৰু ঐতিহাসিক ভিত্তি থকা পহুগড়ৰ উপযুক্ত সংৰক্ষণৰ প্ৰয়োজন । সময় থাকোতেই ৰাজ্য চৰকাৰ অথবা পৰ্যটন বিভাগে গুৰুত্ব আৰোপ নকৰিলে পহুগড় এদিন হেৰাই যাব সময়ৰ বুকুত ।
লগতে পঢ়ক: কেনে অৱস্থাত আছে দেশৰ প্ৰথমখন চিৰিয়াখানা ?