শিৱসাগৰ, 26 ডিচেন্বৰ : ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাটে চৰম সীমা অতিক্ৰম কৰিছে ৷ শিৱসাগৰ জিলাৰ দিচাংমুখৰ দীঘল দৰিয়লিত দুটাকৈ বন্যহস্তীক বিদ্যুৎ সংযোগ কৰি হত্যা কৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷
স্থানীয় লোকৰ অভিযোগ অনুসৰি গ্ৰেজিং ভূমিত অবৈধভাবে কৰা খেতি পথাৰলৈ খাদ্যৰ সন্ধানত অহা দুটাকৈ মাইকী বন্যহস্তীক বিদ্যুৎ সংযোগ কৰি হত্যা কৰে দুষ্কৃতিকাৰীয়ে ৷ জানিব পৰা মতে ঘটনাস্থলীৰ পৰা বিদ্যুৎ সংযোগৰ বাবে ব্যৱহৃত তাঁৰ, হাকুটি উদ্ধাৰ কৰে স্থানীয় লোকে ৷ মৃত হাতী দুটাৰ মৰণোত্তৰ পৰীক্ষাত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হোৱাতো নিশ্চিত কৰে পশু চিকিৎসকে ।
ইফালে স্থানীয় ৰাইজে সদৰি কৰা অনুসৰি উক্ত নদীপৰীয়া অঞ্চলটো দীৰ্ঘ দিনৰ পৰা বনৰীয়া হাতীৰ এটা জাকে খাদ্য সন্ধানত বাহৰ পাতি আছিল ৷ বন বিভাগক এই সন্দৰ্ভত অৱগত কৰা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷
ইয়াৰ সমান্তৰালভাৱে পানী দিহিং পক্ষী অভয়াৰণ্যৰ বৃহৎ অঞ্চল একাংশ দুৰ্বৃত্তই বেদখল কৰি খেতি পথাৰলৈ ৰূপান্তৰ কৰাৰ লগতে সৌৰ শক্তি চালিত তাঁৰৰে বেৰিকেড স্থাপন কৰাত বন্যহস্তীৰ বিচৰণ ভূমি সংকুচিত হ'বলৈ আৰম্ভ হৈছ । যাৰ ফলত বন্যহস্তীৰ জাকে নিশা হ'লেই খাদ্য সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰাত হাতী-মানুহৰ সংঘাত সূত্ৰপাত হয় ৷ এনেবোৰ কাৰণতেই দুটাকৈ বন্যহস্তী মৃত্যু হয় বুলি মন্তব্য প্ৰকাশ কৰিছে স্থানীয় লোকে ৷
উল্লেখ্য যে, ঘটনাস্থলীত উপস্থিত হৈ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা আৰু বন সংমণ্ডল বিষয়া জয়শ্ৰী নাইডিঙে হাতী দুটাৰ মৃত্যু তদন্ত কৰি দোষীক শাস্তি বিহা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে ।
লগতে পঢ়ক:ইউৰোপৰ 9 খন দেশত পুনৰ ক'ৰণাৰ আতংক