ETV Bharat / state

শিৱসাগৰত খাৱৈত বাগৰিল নৈশ বাছ, গুৰুতৰভাৱে আহত আঠজনকৈ যাত্ৰী

শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে (Road accident in sivasagar)৷ গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই গেমন দলঙৰ সমীপৰ এটা খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী নৈশ বাছ ৷ দুৰ্ঘটনাত আহত হৈছে 8 জন যাত্ৰী (8 injured in bus accident) ৷

author img

By

Published : Aug 30, 2022, 9:13 AM IST

Updated : Aug 30, 2022, 10:46 AM IST

Road accident in sivasagar
শিৱসাগৰত খাৱৈত বাগৰিল নৈশ বাছ

শিৱসাগৰ, 30 আগষ্ট: শিৱসাগৰত সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in sivasagar) ৷ শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে পুৱা সংঘটিত হয় পথ দুৰ্ঘটনাটো (Road accident in sivasagar NH 37)৷ গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা AS 04 MC 0917 নম্বৰৰ তনুজ নামৰ যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই গেমন দলঙৰ সমীপৰ এটা খাৱৈত বাগৰি পৰে ৷

দুৰ্ঘটনাত পতিত হোৱা বাছখনত মহিলাসহ দহ গৰাকীৰো অধিক যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে (10 injured in bus accident)৷ গুৰুতৰভাৱে আহতসকল ক্ৰমে, উদেষ্ণা ভৰালী(২১), ৰাজশ্ৰী কলিতা (২৪), ৰেছমা বেগম (২৩), বন্দিতা শইকীয়া (২৪), পল্লবী খনিকৰ (২৪), নিলু ভৰালী (৫০), অন্তৰা হাজৰিকা (২৬) আৰু চাহিদুৰ আলি (২৫) ৷

শিৱসাগৰত খাৱৈত বাগৰিল নৈশ বাছ, গুৰুতৰভাৱে আহত আঠজনকৈ যাত্ৰী

স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ আহতসকলক উদ্ধাৰ কৰি 8 গৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে সুৰাপান কৰি চালকজনে বাছখন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে আতংকিত যাত্ৰীসকলে ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাছখনৰ চালকজন ৷

লগতে পঢ়ক: ড্ৰাগছৰ বেজি লৈ তিনিচুকীয়াত নৱম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু

Last Updated : Aug 30, 2022, 10:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.