ETV Bharat / state

শিৱসাগৰত জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ - শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গ্ৰেড পে আদায় দিয়াৰ দাবীত শিৱসাগৰত জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ ৷ শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত শিক্ষক সমাজে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰাথমিক বিদ্যালয় সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি, স্নাতক শিক্ষকৰ পৰা কাঢ়ি লোৱা গ্ৰেড পে ঘূৰাই দিয়া আৰু ঠিকা ভিত্তিক শিক্ষকৰ মৰগীয়া বানচ মুকলাই দিয়াৰ দাবী প্ৰতিবাদী শিক্ষকৰ ৷

AS_SVR_20TH_FEB_802_TEACHERS_PROTEST_AS10942
শিৱসাগৰত জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ
author img

By

Published : Feb 20, 2021, 7:22 PM IST

শিৱসাগৰ, 20 ফেব্ৰুৱাৰী: শিৱসাগৰ জিলা প্ৰাথমিক শিক্ষা সন্মিলনীৰ উদ্যোগত শনিবাৰে শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত শিক্ষক সমাজে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদী শিক্ষক সকলে জানিবলৈ দিয়া মতে, সন্মিলনীৰ ফালৰ পৰা বিগত বহুদিন ধৰি প্ৰাথমিক বিদ্যালয় সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি, স্নাতক শিক্ষকৰ পৰা কাঢ়ি লোৱা গ্ৰেড পে ঘূৰাই দিয়া আৰু ঠিকা ভিত্তিক শিক্ষকৰ মৰগীয়া বানচ মুকলাই দিয়া আদি দাবী সমূহ উত্থাপন কৰি অহা হৈছিল ৷ তৎসত্বেও 2019 চনৰে পৰা সংশ্লিষ্ট বিভাগ আৰু চৰকাৰৰ লগত 30 বাৰতকৈ অধিকবাৰ আলোচনা হোৱাৰ পাছতো শিক্ষক সকলৰ এই সমস্যাসমূহৰ কোনো সমাধান সূত্ৰ বাহিৰ নোলোৱা বুলি অভিযোগ কৰিছে প্ৰতিবাদী শিক্ষক সকলে ৷

শিক্ষক সকলক গ্ৰেড পে আদায় কৰাৰ দাবীৰে প্ৰতিবাদ

শিক্ষা মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নুশুনে বুলি অভিযোগ কৰি শিক্ষকসকলে লগতে এইবুলিও অভিযোগ কৰে যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে এক নিৰ্দেশ প্ৰদান কৰিছিল যদিও শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই নিৰ্দেশ কাৰ্যকৰী নাই ৷

শিক্ষকসকলে জানিবলৈ দিয়ে যে, বিগত মাহৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ পাছত তেওঁলোকৰ সমস্যাসমূহৰ সমাধান সূত্ৰ উলাব বুলি শিক্ষক সকলে আশা কৰিছিল যদিও আজিকোপতি চৰকাৰৰ ফালৰ পৰা কোনো ইতিবাচক সঁহাৰি নোপোৱাৰ ফলতে শিক্ষক সকল ৰাজপথলৈ উলাই আহিবলৈ বাধ্য হৈছে ৷ শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ পাছত শিক্ষক সকলে তেঁওলোকৰ দাবী অনতি পলমে পূৰণ কৰাৰ আহ্বান জনাই অসমৰ শিক্ষামন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: কাৰ্য্যালয়ৰ সন্মুখতে অৱস্থান ধৰ্মঘটত বহিল GMDAৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.