ETV Bharat / state

শিৱসাগৰত 7 টা দাবী পূৰণেৰে শিক্ষক সমাজৰ প্ৰতিবাদ

সোমবাৰে শিৱসাগৰৰ নাজিৰাৰ খেলুৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত শিক্ষক সমাজে প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যালয়ৰ 7 টা দাবী পূৰণৰ আহ্বান জনায় ৷

author img

By

Published : Oct 5, 2020, 9:26 PM IST

Teachers protest in Sivasagar
শিৱসাগৰত 7 টা দাবী পূৰণেৰে শিক্ষক সমাজৰ প্ৰতিবাদ

শিৱসাগৰ,5 অক্টোবৰ: শিৱসাগৰৰ নাজিৰাৰ চূণপোৰাৰ খেলুৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত সোমবাৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে শিক্ষক সমাজে ৷ 7 টাকৈ দাবী পূৰণৰ দাবীৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত,নাজিৰা মহকুমা আৰু চৰাইদেউ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰিচালনাত শিক্ষক-শিক্ষয়িত্ৰীসকলে গ্ৰহণ কৰে এক ধৰ্ণা কাৰ্যসূচী ।

সপ্তম দৰমহা বিধিৰ ভিত্তিত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকৰ গ্ৰেড পে আদায় দিয়া,2019 বৰ্ষৰ বৃত্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা,ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 প্ৰয়োগৰ পূৰ্বে সকলো ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া কৰা,প্ৰাপ্য গ্ৰেড পে কে ধৰি সকলো সুবিধা দিয়া,বেতন বঞ্চিত শিক্ষকৰ প্ৰাপ্য বেতন আদায় দি নিয়মীয়া কৰা,অপ্ৰাদেশিকৃত বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ,নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখা,খালী থকা শিক্ষা বিভাগৰ পদসমূহ পূৰণ কৰাৰ লগতে ঘোষিত সকলো মহকুমাতে উপ পৰিদৰ্শকৰ কাৰ্যালয় স্থাপন কৰি স্থায়ী বিষয়া নিযুক্তি দিয়া আদি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষক সমাজে ৷

লগতে পঢ়ক: গোলাঘাট জিলাৰ বোকাখাতত গঁড় চিকাৰী গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.