ETV Bharat / state

আজি শিক্ষক দিৱস: শূন্য ৰাজ্যৰ প্ৰতিখন বিদ্যালয় - শিক্ষক দিৱসৰ গুৰুত্ব

আজি ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন ‌। সেই উপলক্ষে দেশত পালন কৰা হৈছে শিক্ষক দিৱস ৷ কিন্তু এইবৰ্ষৰ শিক্ষক দিৱসৰ দিনটো ম্লান পৰিলে কোভিড 19 ৰ সংক্ৰমণৰ বাবে ৷ ফলত উকা হৈ ৰ’ল ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ চৌহদ ৷ শিক্ষক দিৱস উপলক্ষে ইটিভি ভাৰতৰ তৰফৰ পৰা যুগুত কৰা বিশেষ প্ৰতিবেদন-

teachers day special story sivsagar assam etv bharat news
শূন্য ৰাজ্যৰ প্ৰতিখন বিদ্যালয়
author img

By

Published : Sep 5, 2020, 6:58 AM IST

Updated : Sep 5, 2020, 10:05 AM IST

শিৱসাগৰ,5 চেপ্তেম্বৰ: গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰা, গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা তস্মৈয়ে শ্ৰী গুৰুৱে নমঃ ৷ আজি 5 চেপ্তেম্বৰ অৰ্থাৎ শিক্ষক দিৱস ৷ ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন ৷ শিক্ষকসকলক সন্মান প্ৰদৰ্শনৰ দিন ৷ ভাৰতত এই দিনটো পালন কৰা হয় শিক্ষক দিৱসৰূপে ৷ পূৰ্বৰ আনন্দ উল্লাসৰ বিপৰীতে এইবাৰ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত বিৰাজ কৰিছে শূন্যতাই ৷ কাৰণ একেটাই,কৰ’ণা মহামাৰীৰ সংক্ৰমণ ৷ শিক্ষক প্ৰাণস্বৰূপ শিক্ষাৰ্থীসকল আজি ঘৰতে আৱদ্ধ ৷ নিজম হৈ পৰি ৰৈছে বিদ্যালয়ৰ শ্ৰেণীকোঠা ৷ খালী হৈ পৰি ৰৈছে শ্ৰেণীকোঠাৰ আচবাবসমূহো ৷ বিগত প্ৰায় 180 দিনেই এই পৰিৱেশে চলি আহিছে ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানত ৷ প্ৰায় 35 বছৰে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত শিৱসাগৰৰ ছফি মাৰ্চি মেম’ৰিয়েল স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মঞ্জুশ্ৰী আচাওৰো মন আজি বিমৰ্ষ ৷

আজি শিক্ষক দিৱস

আচাওৰ দৰে একেই অৱস্থা অন্যান্য শিক্ষকসকলৰো ৷ এসময়ত ছাত্ৰ-ছাত্ৰীৰ কোলাহল আৰু হাঁহি-ধেমালিৰে পৰিপূৰ্ণ বিদ্যালয়ৰ নিজম পৰিৱেশে শিক্ষকসকলক দিছে মনোকষ্ট ৷ যদিও ৰাজ্যত অনলাইন শিক্ষা প্ৰচলন হৈ আছে তথাপি এই শিক্ষাত যেন নাই শ্ৰেণীকোঠাৰ মাদকতা ৷ দীৰ্ঘদিনীয়া এনে পৰিস্থিতিৰ বাবে অজান শংকাই বাহ লৈছে শিক্ষকসকলৰ মনৰ মাজত ৷ চিন্তা কৰিছে এনেকৈ আৰু চলিব কিমান দিন? শেষ হৈ যাব নেকি শ্ৰেণীকোঠাৰ পাঠদান প্ৰক্ৰিয়া? শিক্ষক দিৱসৰ প্ৰাকক্ষণত এনে কেতবোৰ প্ৰশ্নই দোলা দি গৈছে শিক্ষকসকলৰ মাজত ৷

ৰিক্ত শ্ৰেণীকোঠা,ৰিক্ত বিদ্যালয় চৌহদ দেখিলে আজিৰ দিনটোত চকু সেমেকি উঠে শিক্ষকসকলৰ ৷ সেমেকা চকুৰেই শিক্ষকসকলে ৰোমন্থন কৰে অতীতৰ দিনবোৰ ৷ শিক্ষকসকল আশাবাদী ভাল দিনৰ অপেক্ষাত ৷ শীঘ্ৰে ভাল দিনবোৰ ঘূৰি আহক ৷ ছাত্ৰ-ছাত্ৰীৰ হাঁহি-ধেমালিৰে পুনৰ প্ৰাণ পাই উঠক প্ৰতিখন বিদ্যালয়ৰ চৌহদ ৷ শিক্ষক দিৱসৰ দিনটোত প্ৰতিগৰাকী গুৰুলৈ ইটিভি ভাৰতৰ তৰফৰ পৰা থাকিল এয়াই শুভকামনা ৷

লগতে চাওকঃ ৰাজ্যত কৰ‘ণা ভাইৰাছৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কি ক'লে তৰুণ গগৈয়ে ?

Last Updated : Sep 5, 2020, 10:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.