ETV Bharat / state

বাজেট 2021-22: মিশ্ৰিত প্ৰতিক্ৰিয়া চাহ জনগোষ্ঠীয় লোকৰ - COVID-19

নতুন বাজেটে চাহ জনগোষ্ঠীৰ লোকসকলক কেনেদৰে উপকৃত কৰিব ? জনগোষ্ঠীটোৰ উন্নয়ণৰ কাৰণে ধাৰ্য কৰা পুঁজি পৰ্যাপ্ত হৈছেনে ? শিক্ষা, স্বাস্থ্যকে ধৰি মৌলিক প্ৰয়োজনসমূহ দূৰ কৰাত কিমান সফল হ'ব এইখন চৰকাৰ ? নতুন বাজেটক লৈ আমগুৰিত চাহ জনগোষ্ঠী লোকসকলৰ মাজত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া ।

আমগুৰিত মিশ্ৰিত প্ৰতিক্ৰিয়া চাহ জনগোষ্ঠীলোকসকলৰ

author img

By

Published : Jul 19, 2021, 10:19 AM IST

আমগুৰি, ১৯ জুলাই : বিত্তমন্ত্ৰী অজন্তা নেওগে ঘোষণা কৰা বাজেটক লৈ সন্তুষ্ট নহয় চাহ জনগোষ্ঠীয় লোকসকল । নতুন বাজেটত চাহ জনগোষ্ঠীৰ লোকসকলক বঞ্চনা কৰাৰ অভিযোগ চাহ জনগোষ্ঠীয় লোকসকলৰ ৷ জনগোষ্ঠীটোৰ উন্নয়ণৰ কাৰণে ধাৰ্য কৰা পুঁজি পৰ্যাপ্ত নহয় বুলি উল্লেখ কৰিছে জনগোষ্ঠীটোৰ নেতাসকলে ৷ এই বাজেটে চাহ জনগোষ্ঠীয় লোকৰ শিক্ষা, স্বাস্থ্যকে ধৰি মৌলিক প্ৰয়োজনসমূহ দূৰ কৰাত কিমান সফল হ'ব, তাকেই লৈ চাহ জনগোষ্ঠীটোৰ লোকসকলে উত্থাপন কৰিছে প্ৰশ্ন ৷

দীৰ্ঘদিনৰ পৰা শোষণ আৰু বঞ্চনাৰ বলি হৈ অহা চাহ জনগোষ্ঠীৰ লোকসকল বিভিন্ন ক্ষেত্ৰত পিছপৰি আছে । অসমৰ সমাজ জীৱনৰ সৈতে একাত্ম হৈ থকা চাহ জনগোষ্ঠীৰ লোকসকল শিক্ষা (Education), স্বাস্থ্য (Health), বিশুদ্ধ খোৱাপানী (Purified Water), থাকিবৰ কাৰণে ঘৰ, অনাময় ব্যৱস্থা ইত্যাদিকে ধৰি বিভিন্ন ক্ষেত্ৰত বঞ্চনাৰ বলি হৈ আহিছে । জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে বিশেষ উন্নয়ণমূলক আঁচনি, পুঁজি ধাৰ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰতিখন চৰকাৰে হেমাহি কৰি অহাৰ অভিযোগ উঠিছে ।

আমগুৰিত মিশ্ৰিত প্ৰতিক্ৰিয়া চাহ জনগোষ্ঠীলোকসকলৰ

বিভিন্ন সমস্যাৰে জৰ্জৰিত চাহ জনগোষ্ঠীয় লোকসকলে শেহতীয়াকৈ বিত্তমন্ত্ৰী অজন্তা নেওগে (AJANTA NEOG) দাখিল কৰা বাজেটক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে ৷ চাহ জনগোষ্ঠীয় নেতাসকলে চৰকাৰে এইবাৰ বাজেটত জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে ধাৰ্য কৰা ধন পূৰ্বৰ 120 কোটি টকাৰ পৰা 81 কোটি টকালৈ হ্ৰাস কৰাৰ কথা উল্লেখ কৰে ৷

ইয়াৰ লগতে চৰকাৰে চাহ জনগোষ্ঠী লোকৰ দৰমহা 351 টকা কৰাৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু চৰকাৰে 205 টকালৈ বৃদ্ধি কৰি দায়িত্ব সমাপন কৰাৰ অভিযোগ কৰে ৷ চাহ জনগোষ্ঠীয় নেতাসকলে চৰকাৰে বাজেটত ঘোষণা কৰা 805 খন চাহ বাগিচাত টেপযোগে পানী যোগান ধৰাৰ আঁচনিও যে ফলপ্ৰসূ হ’ব, তাত সন্দেহ প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, 16 জুলাইত বিধানসভাৰ মজিয়াত ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে (AJANTA NEOG) বাজেট (Assam budget) দাখিল কৰে ৷ ক’ভিড (COVID-19) কেন্দ্ৰিক অচলাৱস্থাৰ বৰ্তমানত ৰাজ্যৰ বাৰ্ষিক বাজেট কি হ’ব‌ বুলি সচেতন মহলত চৰ্চা চলি থকা সময়তে বিজেপিৰ (BJP) কেইবাটাও নিৰ্বাচনী প্ৰতিশ্ৰুতিক সাকাৰ‌ৰূপ দি বিত্তমন্ত্ৰী (FINANCE MINSTER) গৰাকীয়ে সদনত দাখিল কৰে ৫৬৬.২০ কোটিৰ সামান্য ঘাটিৰে এখন অভিলাষী বাজেট (budget ) ।

মুঠ ১০৭৫৫৬.২৯ কোটিৰ মুঠ ব্যয় প্ৰস্তাৱ লোৱা এই বাজেটৰ বাবে ৰাজহ শিতানৰ পৰা ৮৪৪০৫.৪৭ কোটি আৰু মূলধন শিতানৰ পৰা ২৩১৫০.৮২ কোটি টকা দেখুওৱা হৈছে । এই বাজেটত জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে 81 কোটি টকা ঘোষণা কৰাৰ লগতে মুঠ 805 খন চাহ বাগিচাত টেপ যোগে পানী যোগানৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰা হয় ৷ বিত্তমন্ত্ৰী অজন্তা নেওগৰ (AJANTA NEOG) বাজেটখনক লৈ বিভিন্ন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

লগতে পঢ়ক : মন্ত্ৰী অজন্তাৰ বাজেটক প্ৰতাৰণাৰ দলিল আখ্যা প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.