শিৱসাগৰ, 16 জুলাই: বিধ্বস্ত শিৱসাগৰৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ (Poor road construction in Jorhat) ৷ এই বিধ্বস্ত পথচোৱাই বাৰুকৈয়ে জলাকলা খুৱাইছে সাধাৰণ জনতাক ৷ গো-বাট নে ৰাষ্ট্ৰীয় ঘাইপথ ধৰিবই নোৱাৰি ৷ কিয়নো ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ ৷ যি বাটৰ ফলত যমৰ যান্ত্ৰণা ভোগ কৰি আহিছে সাধাৰণ লোকে ৷
কেন্দ্ৰীয় চৰকাৰৰ ৰাজধানী সংযোগ প্ৰকল্পৰ অধীনত শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা জাঁজী পৰ্যন্ত নিৰ্মাণ হোৱা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত বিসংগতিৰ (Corruption in four lane road construction) অভিযোগ উত্থাপন কৰি শুকুৰবাৰে টাই অসম যুৱ পৰিষদই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জানিব পৰা মতে, জাঁজীৰ পৰা ডিমৌলৈকে ৪৪ কিলোমিটাৰৰ এই পথ নিৰ্মাণৰ বাবে প্ৰথমে এন এইচ আই ডি চি এলে গেনন ডাংকাৰলী কোম্পানী লিমিটেড নামৰ এক কোম্পানীক ঠিকা প্ৰদান কৰিছিল ।
এই কোম্পানীয়ে ভিএছডি ইনফ্ৰাকন এল এল পি নামৰ আন এক প্ৰতিষ্ঠানক উপ ঠিকা প্ৰদান কৰিছিল যদিও এন এইচ আই ডি চি এলৰ সহযোগত এই প্ৰতিষ্ঠানে এক ব্যাপক লুণ্ঠন কৰি পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । যাৰ ফলস্বৰূপে নিৰ্মাণ নোহোৱাকৈ এইপৰ্যন্তও বিধ্বস্ত অৱস্থাত পৰি আছে পথটো ৷
ইতিমধ্যে চাৰিলেনযুক্ত পথৰ কামত বহুতো চৰকাৰী আমোলা, ৰাজনৈতিক নেতা-পালিনেতা , ঠিকাদাৰ, মণ্ডল, উচ্চ পদস্ত বিষয়া জড়িত হৈ থকাৰ কথা পোহৰলৈ আহিছে ৷ গতিকে চৰকাৰে ৰাইজৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত এই বিয়াগোম কেলেংকাৰীৰ উচিত তদন্ত ঘোষণা কৰাক লৈ এতিয়া বিভিন্ন মহলত দাবী উত্থাপন হৈছে ।
লগতে পঢ়ক: Natural calamities in India : দেশত প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যু ৯৭০ গৰাকীৰ, সৰ্বাধিক মৃত্যু অসমত