শিৱসাগৰ, 10 ছেপ্তেম্বৰ: অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবেই ঈশাণোদয় ছাত্ৰ বৃত্তিৰ পৰা বঞ্চিত হ'বলগীয়া হয় সোণাৰিৰ শতাধিক ছাত্ৰ-ছাত্ৰী ৷ ভাৰত চৰকাৰৰ অধীনস্থ বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) আৰু মানৱ সম্পদ মন্ত্ৰণালয়ে উত্তৰ-পূৱৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰদান কৰা এক বিশেষ ছাত্ৰবৃত্তি হ'ল ঈশাণোদয় ৷ যিকোনো শাখাতে ১০+২ সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে পৰৱৰ্তী পৰ্যায়ৰ উচ্চ শিক্ষাৰ নামভৰ্তি কৰাৰ লগতে যদিহে তেওঁলোকৰ পৰিয়ালৰ বাৰ্ষিক আয় 4.5 লাখ টকাৰ কম হয় তেন্তে তেওঁলোকে ছাত্ৰ বৃত্তিৰ কাৰণে আবেদন কৰিব পাৰে ৷ অনলাইযোগে আবেদন কৰিবলগীায়া এই ছাত্ৰবৃত্তিৰ বাবে প্ৰয়োজন শিক্ষানুষ্ঠানৰ প্ৰমাণ পত্ৰ,স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ,আয়ৰ প্ৰমাণৰ লগতে আন কেতবোৰ নথিপত্ৰ ৷ কিন্তু অতি পৰিতাপৰ বিষয় যে, যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে ডিঙিত অসমৰ গামোচাখন লৈ অসম প্ৰীতিৰ নিদৰ্শন ডাঙি ধৰিছে সেই সময়তে,মানৱ সম্পদ মন্ত্ৰণালয়ে এলাগী কৰিলে অসমীয়াক ৷
ৰাজ্যৰ আন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সোণাৰিৰো একাংশ ছাত্ৰ-ছাত্ৰীয়ে ঈশাণোদয় ছাত্ৰবৃত্তিৰ বাবে আবেদন কৰিছিল ৷ কিন্তু যেতিয়া আন ঠাইৰ ছাত্ৰ-ছাত্ৰীয়ে বৃত্তিৰ ধন লাভ কৰিলে যদিও,সোণাৰিৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হ'ল তেতিয়াহে তেওঁলোকে বুজিলে ইয়াৰ আঁৰৰ কাৰণ ৷ ৱেবছাইটত চাওতেহে ছাত্ৰ-ছাত্ৰী সকল অৱগত হয় যে, অসমীয়া ভাষাত আয়ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা বাবেই তেওঁলোক বঞ্চিত হৈ থাকিল সেই ছাত্ৰবৃত্তিৰ পৰা ৷ ইংৰাজী বা হিন্দী ভাষাত আয়ৰ প্ৰমাণ পত্ৰ দিলেহে তেওঁলোকক সেই ছাত্ৰবৃত্তিৰ বাবে যোগ্য বিবেচিত কৰা হ'ব বুলি ৱেবচাইটযোগে উল্লেখ কৰে বিভাগীয় কৰ্তৃপক্ষই ৷ উল্লেখ্য যে, ছাত্ৰবৃত্তিৰ বাবে আবেদন কৰোতে প্ৰমাণ পত্ৰসমূহ কি ভাষাত দিব লাগে সেই কথা উল্লেখ নথকাৰ বাবেই অসমীয়া ভাষাত লিখিত প্ৰমাণ পত্ৰ জমা দিছিল ছাত্ৰ-ছাত্ৰী সকলে ৷ যাৰ বাবে সম্প্ৰতি বহু ছাত্ৰ-ছাত্ৰী ঈশাণোদয় ছাত্ৰবৃত্তিৰ পৰা বঞ্চিত হ'বলগীয়া হয় ৷
লগতে পঢ়ক: উদ্যোগৰ আৱৰ্জনাই অশনি সংকেত কঢ়িয়াইছে কৃষিক্ষেত্ৰলৈ