ETV Bharat / state

শিৱসাগৰ নগৰত পথ দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যু - Student death in accident at Sivsagar

শিৱসাগৰ নগৰৰ হেমচন্দ্ৰ বৰুৱা পথৰ হেমকোষ প্ৰেছৰ সমীপত হোৱা এক দুৰ্ঘটনাত নিহত শিৱসাগৰ মহাবিদ্যালয়ৰ ছাত্ৰ ৷ চাইকেল আৰু স্কুটীৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো ৷

Etv Bharat
শিৱসাগৰ নগৰত পথ দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যু
author img

By

Published : Nov 29, 2019, 1:46 PM IST

শিৱসাগৰৰ,29 নৱেম্বৰ: শিৱসাগৰ নগৰৰ সমীপৰ হেমচন্দ্ৰ বৰুৱা পথৰ হেমকোষ প্ৰেছৰ সমীপত শুকুৰবাৰে পুৱাই সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ চাইকেল আৰোহী আৰু স্কুটী আৰোহীৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাটোৰ ফলত নিহত হয় এজন স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ ৷ এই ঘটনাই এতিয়া শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ অঞ্চলবাসী ৰাইজক ৷

শিৱসাগৰ নগৰত পথ দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যু

ঘটনাৰ বিৱৰণী অনুসৰি, ডিমৌ চহৰৰ কুশল পথৰ বাসিন্দা বুবু দত্তৰ একমাত্ৰ পুত্ৰ চন্দ্ৰশেখৰ দত্তই হেমচন্দ্ৰ বৰুৱা পথৰে স্কুটি লৈ আহি থকা অৱস্থাত এজন চাইকেল আৰোহীৰ সৈতে দুৰ্ঘটনাত পতিত হয় ৷ উক্ত সময়তে চাইকেল আৰোহী গৰাকীক ৰক্ষা কৰিবলৈ গৈ পথৰ ওপৰতে বাগৰি পৰে চন্দ্ৰশেখৰ দত্ত ৷ থিক সেই সময়তে পথটোৰে আহি থকা আন এখন বাহনৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয় ছাত্ৰজন ৷ আঘাতপ্ৰাপ্ত ছাত্ৰজনক ততালিকে সমীপৰ আদিত্য নাৰ্ছিং হোমলৈ নিয়া হয় যদিও তাত কোনো উপযুক্ত চিকিৎসাৰ ব্যৱস্থা নথকাত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় ৷ কিন্তু মগজুৰ অত্যাধিক ৰক্তক্ষৰণৰ বাবে চিকিৎসকৰ অপ্ৰাণ চেষ্টাৰ পাছতো চিকিৎসালয়তে মৃত্যু হয় ছাত্ৰজনৰ ৷ উল্লেখ্য যে, মৃত ছাত্ৰজন শিৱসাগৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ তৃতীয় বৰ্ষত অধ্যয়নৰত আছিল ৷ শুকুৰবাৰে পুৱাই পৰীক্ষালৈ বুলি ওলাই গৈছিল ছাত্ৰজন ৷ কিন্তু নিয়তিৰ ওচৰত হাৰ মানি চিৰদিনৰ বাবেই অজান দেশলৈ গুচি গ'ল চন্দ্ৰশেখৰ দত্ত ৷ বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা মৃতদেহ দুপৰীয়া শিৱসাগৰ মহাবিদ্যালয়লৈ নিয়া হব শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে ৷ ছাত্ৰ জনৰ অকাল মৃত্যুত শিৱসাগৰ মহাবিদ্যালয়, মহাবিদ্যালয় ছাত্ৰ একতা সভা,শিৱসাগৰ জিলা আৰু আঞ্চলিক ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে

Intro:Body:*শিৱসাগৰ নগৰত পথ দুৰ্ঘটনাত এজন ছাত্ৰৰ মৃত্যু*
Story-STUDENT_DEATH
Ananta Smith
Sivasagar
29th November

শিৱসাগৰ নগৰৰ হেমচন্দ্ৰ বৰুৱা পথৰ হেমকোষ প্ৰেছৰ সমীপত সংঘটিত এক পথ দুৰ্ঘটনাত এজন ছাত্ৰৰ কৰুণ মৃত্যু হয়।ডিমৌ চহৰৰ কুশল পথৰ বাসিন্দা বুবু দত্তৰ একমাত্ৰ পুত্ৰ চন্দ্ৰশেখৰ দত্তৰ হেমচন্দ্ৰ বৰুৱা পথত স্কুটি লৈ আহি থকা অৱস্থাত এজন চাইকেল আৰোহীৰ সৈতে দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ ফলত আৰোহী গৰাকীক ৰক্ষা কৰিবলৈ গৈ পথৰ ওপৰত বাগৰি পৰে।সেই সময়ত আহি থকা বাহনত খুন্দা মাৰি গুৰুতৰ ভাৱে আহত হয় ছাত্ৰজন।ততালিকে সমীপৰ আদিত্য নাৰ্ছিং হোমলৈ নিয়া হয় যদিও তাত কোনো উপযুক্ত চিকিৎসাৰ ব্যৱস্থা নথকাত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে।চিকিৎসকৰ অপ্ৰাণ চেষ্টাৰ পাছতো মগজুৰ অত্যাধিক ৰক্তক্ষৰণৰ বাবে যুৱকজনৰ মৃত্যু হয়।শিৱসাগৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ তৃতীয় বৰ্ষৰ ছাত্ৰ জনে আজি পুৱা চলি থকা পৰীক্ষাত বহিবৰ বাবে আহিছিল।বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা মৃতদেহ দুপৰীয়া শিৱসাগৰ মহাবিদ্যালয়লৈ শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে নিয়া হব।ছাত্ৰ জনৰ অকাল মৃত্যুত শিৱসাগৰ মহাবিদ্যালয়, মহাবিদ্যালয় ছাত্ৰ একতা সভা,শিৱসাগৰ জিলা আৰু আঞ্চলিক ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে।Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.