ETV Bharat / state

Heavy storm in Sivasagar: শিৱসাগৰ জিলাত ধুমুহাৰ তাণ্ডৱ - Storm causes extensive damage at Sivasagar

শিৱসাগৰৰ দিখৌমুখত ধুমুহাৰ তাণ্ডৱ (Massive storm in Sivasagar)। ১৫ খনৰো অধিক গাঁও ক্ষতিগ্ৰস্ত । গৃহহীন বহু লোক । পশুধনৰো মৃত্যু হৈছে । যাতায়ত ব্যৱস্থা, বিদ্যুৎ সংযোগ বিচ্ছিন্ন বহু অঞ্চলত ।

Heavy storm in Sivasagar
শিৱসাগৰ জিলাত ধুমুহাৰ তাণ্ডৱ
author img

By

Published : Jul 14, 2022, 1:55 PM IST

আমগুৰি,১৪ জুলাই : প্ৰকৃতিৰ ৰোষত পৰিছে অসম । ৰাজ্যখনত প্ৰতিদিনে প্ৰকৃতিয়ে ন ন ৰূপ ধাৰণ কৰিছে । শেহতীয়াকৈ বানে অসমৰ প্ৰায়সমূহ জিলাতে একপ্ৰকাৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে । এতিয়াও বহু লোকে বানৰ কৱলৰ পৰা মুক্ত হ'ব পৰা নাই ।

তাৰ মাজতে আকৌ প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক । এইবাৰ ধুমুহাৰ তাণ্ডৱ । বৃহস্পতিবাৰে পুৱাই শিৱসাগৰ জিলাৰ দিখৌমুখত ধুমুহাই একপ্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰিলে (Storm causes extensive damage at Sivasagar)। ১৫ খনৰো অধিক গাঁও ধুমুহাত ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য পোৱা গৈছে ।

দিখৌমুখৰ গুৱাল গাঁও, দেওঘৰীয়া, উদয়পুৰ, ভৰলুৱা, থেকেৰাতল, স'ৰাগুৰি, গটঙা, বৰগাঁও, আলিমূৰ, তেলিয়াডোঙা, গায়েন আদি গাঁৱত বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে । আনকি পুৱাৰ ভাগত অহা বিধ্বংসী ধুমুহাৰ ফলত গৃহহীন হৈ পৰিছে অঞ্চলটোৰ বহু পৰিয়াল । অঞ্চলটোৰ শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ কথা প্ৰকাশ কৰিছে ভুক্তভোগী লোকসকলে ।

ইফালে ধুমুহাৰ পাছতে অঞ্চলটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । ৰাজপথত বৃহৎ গছ পৰি ব্যাহত হৈছে যাতায়াত ব্যৱস্থা । বিদ্যুতৰ খুটাও ভাঙি যোৱাত বহু অঞ্চলত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছে ।

আনহাতে স'ৰাগুৰি চাপৰিত গোহালিত গছ পৰি চাৰিটাকৈ পশুধনৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । অঞ্চলটোৰ বুবুল দত্ত আৰু হৰেশ দত্ত নামৰ ব্যক্তি দুজনৰ দুশৰো অধিক এজাৰ গছ ভাঙি যায় । জিলাখনৰ ৰাইজে এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পাছতো প্ৰশাসনে ভুক্তভোগী লোকৰ খবৰ নোলোৱাৰ অভিযোগ কৰিছে বিভিন্নজনে ।

লগতে পঢ়ক :Compensation to flood affected family: ২০ জুলাইৰ পাছত প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালে পাব ৩,৮০০ টকাকৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.